ETV Bharat / state

MP Rwngwra Narzary visits Indo-Bhutan border : অসমৰ পৰিৱেশ বিনস্ত কৰিছে ভূটানে !

পোহৰলৈ আহিছে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ কু-কৰ্ম (Bhutans misdeeds have come to light)। সুৰা কোম্পানীৰ পেলনীয়া আৱৰ্জনা, বিষাক্ত পদাৰ্থ নিজৰাৰ মাজেৰে অসমৰ চিৰাঙৰ নৈ-উপনৈসমূহলৈ আহিছে । বহু জীৱ-জন্তুৰ মৃত্যু হৈছে, মানুহৰ বাবেও বিপদ নামি আহিছে । ৰাজ্যসভাৰ সাংসদ ৰণগৌড়া নাৰ্জাৰীয়ে এই সমস্যা সমাধানৰ বাবে লৈছে উদ্যোগ ।

author img

By

Published : Oct 28, 2022, 12:10 PM IST

Bhutan
ৰাজ্যসভাৰ সাংসদ ৰণগৌড়া নাৰ্জাৰীৰ ভাৰত-ভূটান সীমান্ত পৰিদৰ্শন

চিৰাং,২৮ অক্টোবৰ : ভূটানৰ সুৰা কোম্পানীয়ে বিপদ কঢ়িয়াই আনিছে অসমৰ জনসাধাৰণৰ বাবে । ভূটানৰ সুৰা কোম্পানীৰ দূষিত আৰু বিষাক্ত পদাৰ্থই সমস্যাত পেলাইছে অসমবাসীক । প্ৰকৃতি লগতে অসমৰ মানুহৰ বাবেও ভয়ংকৰ বিপদ মাতিছে ভূটানে । ভূটানৰ এনে কুকৰ্মৰ বিৰুদ্ধে কঠোৰ হৈছে অসম চৰকাৰ ।

উল্লেখ্য যে ভূটানৰ সুৰা কোম্পানীৰ পেলনীয়া দূষিত আৰু বিষাক্ত পদাৰ্থবোৰ দীৰ্ঘদিন ধৰি নিজৰাৰে বৈ আহি চিৰাং জিলাৰ মাজেৰে যোৱা নদীসমূহত মিহলি হৈ আছে (Bhutanese liquor company toxic waste spills)। যাৰ বাবে ভয়ংকৰভাৱে প্ৰদূষিত হৈছে চিৰাঙৰ বিভিন্ন নদী উপনদীৰ পানী । জানিব পৰা মতে পেলনীয়া সামগ্ৰীবোৰ নিজৰাৰে বৈ আহি চিৰাঙৰ নিজলা আৰু আই নৈত মিহলি হয় (Bhutan dumps toxic waste in river of Assam)।

ইতিমধ্যে এই বিষাক্ত তথা দূষিত পানী সেৱনৰ ফলত সীমান্তৰ বহু জীৱ-জন্তু মৃত্যুমুখত পৰাৰ লগতে মানুহৰো ক্ষতি হৈছে । দীৰ্ঘদিনীয়া এই সমস্যা কিন্তু সমস্যা হৈয়ে আছে (Bhutan has destroyed the environment of Assam)। অৱশ্যে এইবাৰ ৰাজ্যসভাৰ সাংসদ ৰণগৌড়া নাৰ্জাৰীয়ে এই বিষয়টো গুৰুত্ব সহকাৰে লৈছে । তেওঁ নিজে পদক্ষেপ লোৱাত স্থানীয় ৰাইজ উৎফুল্লিত হৈ পৰিছে ।

শুকুৰবাৰে ৰাজ্যসভাৰ সাংসদ ৰণগৌড়া নাৰ্জাৰীয়ে ৰাইজৰ অভিযোগৰ ভিত্তিত ভাৰত-ভূটান সীমান্তৰ টুক্ৰেবস্তি ভ্ৰমণ কৰি এই পৰিস্থিতিৰ বুজ লয় । ভূটানৰ সুৰা কোম্পানীৰ বিষাক্ত পেলনীয়া সামগ্ৰী নিজৰাৰে চিৰাঙলৈ বৈ অহা ঠাইখিনি তেওঁ পৰিদৰ্শন কৰে (MP Rwngwra Narzary visits Indo Bhutan border)। ইফালে যোৱা ৯ আগষ্টত ৰাইজৰ অভিযোগৰ ভিত্তিত এই বিষয়ে সাংসদগৰাকীয়ে বৈদেশীক মন্ত্ৰী (ৰাজ্যিক) ড° ৰাজকুমাৰ ৰঞ্জন সিঙক লিখিত অভিযোগ দাখিল কৰিছে আৰু বৈদেশিক মন্ত্ৰনালয়ৰ পৰা যোৱা ১১ অক্টোবৰ তাৰিখে এই বিষয়ে পুনৰ লিখিতভাৱে বিষয়টো ভূটানৰে আলোচনা মৰ্মে সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়া বুলি জানিব পৰা গৈছে ।

ইফালে শুকুৰবাৰে অঞ্চলটো পৰিদৰ্শন কৰি সাংসদগৰাকীয়ে দুৰ্গন্ধময় পৰিৱেশৰ বিষয়ে সংবাদমাধ্যমক অৱগত কৰে । সাংসদগৰাকীৰ এনে পদক্ষেপৰ পাছতে ভূটানৰ এনে কু-কৰ্ম বন্ধ হ'ব নে ? ভাৰত চৰকাৰে এই ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া অৱশ্যে সময়েহে ক'ব ?

লগতে পঢ়ক :Bhabesh Kalita in Barpeta : বুঢ়াসত্ৰীয়াক শ্ৰদ্ধাঞ্জলি অৰ্পন ভৱেশ কলিতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.