ETV Bharat / state

অসম-মিজোৰাম সীমা বিবাদক লৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব অসম চৰকাৰ

author img

By

Published : Jul 29, 2021, 10:40 PM IST

সোমবাৰে অসম-মিজোৰাম সীমান্ত(ASSAM MIZORAM BORDER)ৰ লাইলাপুৰত অসম আৰক্ষীক(ASSAM POLICE) লক্ষ্য কৰি মিজো আৰক্ষীয়ে গুলীচালনা কৰাৰ ফলত 6 জনকৈ আৰক্ষীৰ জোৱান নিহত হোৱাৰ লগতে প্ৰায় 70 জনৰো অধিক লোক আহত হয় ৷ মিজো আৰক্ষী তথা মিজো দুৰ্বৃত্তৰ এই কাণ্ডৰ বিৰুদ্ধে সম্প্ৰতি ৰাজ্যজুৰি অব্য়াহত আছে প্ৰতিক্ৰিয়া ৷

minister Ranjit Das in Chirang
অসম-মিজোৰাম সীমা বিবাদক লৈ উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ সিদ্ধান্ত অসম চৰকাৰৰ

চিৰাং, 29 জুলাই : এখন দলীয় সভাত অংশগ্ৰহণৰ বাবে বৃহস্পতিবাৰে চিৰাঙৰ বিজনীত উপস্থিত হয় ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস(Minister Ranjeet Kumar Das) ৷ বিজনীত উপস্থিত হোৱাৰ পাচতেই মন্ত্ৰী দাসে সংবাদ মাধ্যমৰ আগত অসম-মিজোৰাম সীমা বিবাদকলৈ উচ্চতম ন্যায়ালয়(Supreme court)ত দাৰস্থ হোৱাৰ কথা জানিবলৈ দিয়ে ৷ বৃহস্পতিবাৰে ৰাজ্যিক কেবিনেটত এই সিদ্ধান্ত লোৱাৰ কথা তেওঁ জানিবলৈ দিয়ে ।

মিজোৰাম সীমান্তত আমাৰ জোৱান শ্বহীদ হৈছে যদিও ভূমিৰ ক্ষেত্ৰত আমি তেওঁলোকক ঠেলিহে পঠাইছো বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰী ৰঞ্জিত দাসে বৃহস্পতিবাৰে তিনিদিনীয়া কাৰ্যসূচীৰে বি টি আৰ (BTR)ত উপস্থিত হয় ৷ দাসে বৃহস্পতিবাৰে বিজনীৰ এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাচত দলীয় সভাতো অংশগ্ৰহণ কৰে ৷ আনহাতে শুকুৰবাৰে মন্ত্ৰীগৰাকীয়ে কোকৰাঝাৰত বিটিআৰৰ চাৰিখন জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ (PHC)তথা জল জীৱন আঁচনিৰ ওপৰত অনুষ্ঠিত এখন আলোচনাত অংশগ্ৰহণ কৰিব ৷

কোকৰাঝাৰত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচন সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে ৷ অহা ৪ আগষ্টৰ পৰাই বিজেপিয়ে উপ-নিৰ্বাচনৰ বাবে মনোনিৱেশ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে । একেদৰে মন্ত্ৰীগৰাকীয়ে সদৰী কৰে যে, যদিহে ছটা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হয় তেনেহলে ছটা সমষ্টিতে বিজেপি মিত্ৰজোঁটে জয়লাভ কৰিব ৷ উপ-নিৰ্বাচনৰ বাবে মন্ত্ৰীগৰাকীয়ে তামূলপুৰ( tamulpur) বিধানসভা সমষ্টিৰ দায়িত্ব লৈছে বুলি জানিবলৈ দি এখন নিৰ্বাচনী কমিটি গঠন কৰাৰ কথাও সদৰী কৰে ।

লগতে পঢ়ক : মিজোৰাম হাউচৰ প্ৰৱেশদ্বাৰত বীৰ লাচিত সেনাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.