চিৰাং,29 জুন : চিৰাঙৰ বাসুগাঁওত অনুষ্ঠিত কাজলগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সপ্তম দ্বি-বাৰ্ষিক অধিবেশনৰ মুকলি সভাত ৰাষ্ট্ৰীয় সংগীতক অৱমাননা মন্ত্ৰী চন্দনৰ ব্ৰহ্মৰ। সভাৰ আৰম্ভণিতে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰাৰ মূহুৰ্তত সকলোৱে থিয় হৈ সন্মান জনোৱাৰ সময়তে মঞ্চত বহি ৰ'ল মন্ত্ৰীগৰাকী ৷ তাৰ পাচতেই মন্ত্ৰীগৰাকীৰ এই আচৰণক লৈ সৃষ্টি হৈছে ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ ৷ ইপিনে সভাৰ অন্তত সাংবাদিকে এই সন্দৰ্ভত মন্ত্ৰীগৰাকীক প্ৰশ্ন কৰাত মন্ত্ৰীগৰাকীয়ে দিলে এক অদ্ভুদ উত্তৰ ৷ কণমানিহতৰ নৃত্য চাই হেনো মগ্ন হৈ পৰা বাবেই তেওঁ পাহৰি থাকিলে থিয় হৈ সন্মান প্ৰদৰ্শন কৰিবলৈ ৷ এইয়া হৈছে মন্ত্ৰী চন্দন ব্ৰহ্মৰ মন্তব্য ৷
ৰাজহুৱা সভাত ৰাষ্ট্ৰীয় সংগীতক অৱমাননা মন্ত্ৰী চন্দন ব্ৰহ্মৰ - চিৰাং
চিৰাঙৰ ৰাজহুৱা সভাত বাজিল জন গণ মন ৷ সকলো থিয় হৈ সন্মান জনালে ৰাষ্ট্ৰীয় সংগীতক, পিচে মঞ্চত মুখ্য অতিথিৰ আসনত বহি ৰ'ল মন্ত্ৰীগৰাকী ৷
চিৰাং,29 জুন : চিৰাঙৰ বাসুগাঁওত অনুষ্ঠিত কাজলগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সপ্তম দ্বি-বাৰ্ষিক অধিবেশনৰ মুকলি সভাত ৰাষ্ট্ৰীয় সংগীতক অৱমাননা মন্ত্ৰী চন্দনৰ ব্ৰহ্মৰ। সভাৰ আৰম্ভণিতে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰাৰ মূহুৰ্তত সকলোৱে থিয় হৈ সন্মান জনোৱাৰ সময়তে মঞ্চত বহি ৰ'ল মন্ত্ৰীগৰাকী ৷ তাৰ পাচতেই মন্ত্ৰীগৰাকীৰ এই আচৰণক লৈ সৃষ্টি হৈছে ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ ৷ ইপিনে সভাৰ অন্তত সাংবাদিকে এই সন্দৰ্ভত মন্ত্ৰীগৰাকীক প্ৰশ্ন কৰাত মন্ত্ৰীগৰাকীয়ে দিলে এক অদ্ভুদ উত্তৰ ৷ কণমানিহতৰ নৃত্য চাই হেনো মগ্ন হৈ পৰা বাবেই তেওঁ পাহৰি থাকিলে থিয় হৈ সন্মান প্ৰদৰ্শন কৰিবলৈ ৷ এইয়া হৈছে মন্ত্ৰী চন্দন ব্ৰহ্মৰ মন্তব্য ৷
Body:চিৰাঙৰ বাসুগাঁওত আজি অনুষ্ঠিত হোৱা কাজলগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সপ্তম দ্বি-বাৰ্ষিক অধিবেশনৰ মুকলি সভাত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰাৰ সময়ত মন্ত্ৰী চন্দন ব্ৰহ্ম বহিয়ে থাকিল। নিয়ম অনুসৰি ৰাষ্ট্ৰীয় সংগীতক সন্মান জনাই মুকলি সভাত উপস্থিত সকলোয়ে থিয় হয় কিন্তু মুকলি সভাত মুখ্য অতিথি ৰূপে উপস্থিত থকা অসমৰ পৰ্য্যটন আৰু ভৈয়াম জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্মৰ নিজৰ আসনতে বহি থকা দেখা যায় । সভাৰ অন্তত এই সন্দৰ্ভত মন্ত্ৰী চন্দন ব্ৰহ্মক প্ৰশ্ন কৰাত তেখেতে কি ধৰনে চাফাই গালে শুনক : byte চন্দন ব্ৰহ্ম।
Conclusion:মন্ত্ৰী এজনে শিক্ষকৰ অনুষ্টানত উপস্থিত থাকি সকলো ছাত্ৰ-শিক্ষকে ৰাষ্ট্ৰীয় সংগীতক সন্মান জনাই থিয় হোৱাৰ পিচতো বহি থাকিল মন্ত্ৰী চন্দন ব্ৰহ্ম । মন্ত্ৰী জন এই বিষয়ে অজ্ঞ নে ? জনমানসত ভিন্ন ধৰনৰ প্ৰতিক্তীয়া ।
চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।