ETV Bharat / state

চিৰাঙৰ ৰুনিখাতাৰ আশ্ৰাবাৰীত ইউপিপিএলৰ বৃহৎ জন সমাৱেশ

author img

By

Published : Dec 7, 2020, 10:11 PM IST

চিৰাঙত ইউপিপিএল দলৰ বৃহৎ জন সমাৱেশৰ আয়োজন ৷ দলৰ সভাপতি প্ৰমোদ বড়ো উপস্থিত হৈ বিপিএফক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ লগতে, গৰিষ্ঠ সংখ্যক আসন লাভ কৰি নিৰ্বাচনত জয়লাভ কৰিব বুলি উল্লেখ কৰে নেতা গৰাকীয়ে ৷

massive-rally-organised-by-uppl-in-chirang
চিৰাঙৰ ৰুনিখাতাৰ আশ্ৰাবাৰীত ইউপিপিএলৰ বৃহৎ জন সমাৱেশ

চিৰাং, 7 ডিচেম্বৰ : চিৰাঙৰ ৰুনিখাতা আশ্ৰাবাৰীত 13 নং চিৰাং পৰিষদীয় সমষ্টিৰ বৃহৎ নিৰ্বাচনী জন সমাৱেশ আয়োজন কৰে ইউপিপিএল দলে । দলৰ সভাপতি প্ৰমোদ বড়ো জন সমাৱেশত উপস্থিত হৈ কয় যে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ইউপিপিএল দলে বাক্সা আৰু ওদালগুৰিত 99 শতাংশ আসন লাভ কৰিব । দ্বিতীয় পৰ্যায়তো ইউপিপিএল দলে বৃহৎ জয়লাভ কৰিব বুলি কয় প্ৰমোদ বড়োৱে । 17 বছৰত বিপিএফ দলৰ হাগ্ৰামা, চন্দন আৰু খাম্পা বৰগয়াৰীৰ দুৰ্নীতি-প্ৰৱঞ্চনাত ক্ষোভিত জনতাই হিলদোল ভাঙি ভোট দিবলৈ অহা বুলি মন্তব্য প্ৰদান কৰে ৷ লগতে, হাগ্ৰামা মহিলাৰীয়ে এখনো আসন নাপাব বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে প্ৰমোদ বড়োৱে ।

লগতে পঢ়ক : আদিবাসী সকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আছাৰ অৱস্থান ধৰ্মঘট

ইফালে, 13 নং চিৰাং পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰীয়ে কয় যে, মহাভাৰতৰ দৰে ধৰ্ম যুদ্ধ এয়া । বিগত দিনৰ বিপিএফৰ দুৰ্নীতি, অপশাসন খাম্পা বৰগয়াৰীৰ বিৰুদ্ধে হেজাৰ হেজাৰ লোকে এই দৰে মাৰ বান্দি থিয় দিছে ৷ আনহাতে, ইউপিপিএল দলৰ উপ-সভাপতি ৰণগৌৰা নাৰ্জাৰীয়ে কয় যে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত 21 খন আসনৰ 15 খন ইউপিপিএল দলে পাব আৰু দ্বিতীয় পৰ্যায়ৰত 19 খন আসনৰ 16 খন ইউপিপিএল দলে পাব বুলি মন্তব্য প্ৰদান কৰে ।

ৰুনিখাতাৰ আশ্ৰাবাৰীৰ এই জনসভাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হোৱা প্ৰায় 50 হাজাৰ লোকৰ উপস্থিতিত ইউপিপিএল দলৰ প্ৰতিষ্ঠাপক সভাপতি উৰ্খাও গৌৰা ব্ৰহ্মই কয় যে, বিজেপি আৰু বিপিএফ দলে মিলি ইউপিপিএল দলৰ বিৰুদ্ধে বিভিন্ন বদনাম কৰি আছে ৷ দীৰ্ঘদিনে বিপিএফ দলে বিটিচিবাসীক প্ৰতাৰণা কৰা বুলিও মন্তব্য কৰে সভাপতি গৰাকীয়ে ।

লগতে পঢ়ক : ভোটাধিকাৰ সাব্যস্ত প্ৰমোদ বড়ো আৰু বিশ্বজিৎ দৈমাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.