চিৰাং, 19 ডিচেম্বৰ : শনিবাৰে চিৰাঙৰ বিজনী ৰে’ল ষ্টেচনত হঠাৎ লাগিল হুৱা-দুৱা ৷ উজনিমুৱা হাওৰা-ডিব্ৰুগড় কামৰূপ এক্সপ্ৰেছত সংঘটিত হয় অগ্নিকাণ্ড (Massive fire at Kamrup Express) ৷ 15960 নম্বৰৰ ভাৰতীয় ৰে’লৰ কামৰূপ এক্সপ্ৰেছখন বিজনী ষ্টেচনত প্ৰৱেশ কৰাৰ সময়ত জেনেৰেটৰৰ কক্ষৰ পৰা ওলোৱা ধোঁৱা প্ৰত্যক্ষ কৰি আতংকিত হৈ পৰে যাত্ৰীসকল ৷ ততালিকে এই বিষয়ে ৰে’ল কৰ্মচাৰীক অৱগত কৰে তেওঁলোকে ৷
ততালিকে কৰ্মচাৰীসকলৰ তৎপৰতাত জুই নিৰ্বাপন কৰা হয় ৷ এক সাম্ভাব্য বিপদৰ পৰা ৰক্ষা পৰে ৰে’লখনৰ যাত্ৰীসকল ৷ ৰে’লখনৰ ব্ৰেকৰ পৰা এই জুইৰ সূত্ৰপাত ঘটা বুলি সন্দেহ প্ৰকাশ কৰিছে কৰ্মচাৰীসকলে ৷ অগ্নি নিৰ্বাপনৰ প্ৰায় এঘণ্টাৰ পিছত ৰে’লখনে পুনৰ যাত্ৰা আৰম্ভ কৰে বিজনী ষ্টেচনৰ পৰা ৷
লগতে পঢ়ক : ডাঙৰী ৰে'ল ষ্টেচন যাত্ৰীৰ বাবে মুকলিৰ দাবী আছুৰ