ETV Bharat / state

আনুষ্ঠানিকভাৱে সক্ৰিয় ৰাজনীতিলৈ প্ৰমোদ বড়ো - ইউ পি পি এলত যোগদান প্ৰমোদ বড়োৰ

চিৰাঙৰ বিজনীত ইউ পি পি এলৰ চতুৰ্থ বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন উপলক্ষে উদুলি-মুদুলি পৰিৱেশ সৃষ্টি হৈছে জিলাখনত ৷ শুকুৰবাৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়োৱে ইউ পি পি এলৰ চতুৰ্থ বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনখনত উপস্থিত হৈ দলটোত যোগদান কৰে ৷ সক্ৰিয় ৰাজনীতিত যোগদানৰ পূৰ্বে প্ৰমোদ বড়োৱে প্ৰতিনিধি সভাত ৰাজনীতিত যোগদান সম্পৰ্কে আগ্ৰহ নোহোৱাৰ কথা ব্যক্ত কৰিছিল ৷ অন্যান্য বহুলোকেও দলটোত যোগদান কৰে ৷

Many of others including pramod bodo joined UPPL chirang assam etv bharat news
সক্ৰিয় ৰাজনীতিলৈ প্ৰমোদ বড়ো
author img

By

Published : Feb 22, 2020, 10:16 AM IST

চিৰাং,22 ফেব্ৰুৱাৰীঃ চিৰাঙৰ বিজনীত ইউ পি পি এলৰ চতুৰ্থ বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন আৰম্ভ ৷ চিৰাঙৰ বিজনীৰ নিকটৱৰ্তী লেছীয়াগাঁও ৰাজহুৱা খেলপথাৰত আয়োজন কৰা হৈছে এই অধিৱেশন ৷ সেয়ে এতিয়া বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ সমাগমেৰে উদুলি-মুদুলি পৰিৱেশ সৃষ্টি হৈছে চিৰাঙত ৷ অৱশেষত জল্পনা-কল্পনাৰ অন্ত পেলাই শুকুৰবাৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়োয়ে ইউ পি পি এলৰ চতুৰ্থ বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনখনত উপস্থিত হৈ আনুষ্ঠানিকভাৱে দলটোত যোগদান কৰে ৷ সক্ৰিয় ৰাজনীতিত যোগদানৰ পূৰ্বে প্ৰমোদ বড়োৱে প্ৰতিনিধি সভাত ৰাজনীতিত যোগদান সম্পৰ্কে আগ্ৰহ নোহোৱাৰ কথা ব্যক্ত কৰিছিল ৷

বিভিন্ন বিষয়ত সৰৱ প্ৰমোদ বড়ো

বিটিআৰ চুক্তিৰ জৰিয়তে অনাগত দিনত বড়ো সমাজৰ লগতে অন্যান্য জাতি-গোষ্ঠীৰ লোকসকলেয়ো সুবিধা লাভ কৰিব বুলি বড়োয়ে উল্লেখ কৰে ৷ বিটিআৰ চুক্তিৰ জৰিয়তে বি টি চি-ত শান্তি বিৰাজ কৰিব বুলি মন্তব্য কৰি মুৰব্বী হাগ্ৰামা মহিলাৰী আৰু সতীৰ্থসকলে বিগত দিনত বিটিচিত ব্যাপক দুৰ্নীতি সংঘটিত হোৱা বুলি সমালোচনা কৰে ৷

প্ৰতিনিধি সভাখনত উপস্থিত থকা এনডিএফবি প্ৰগতিশীলৰ সভাপতি গোবিন্দ বসুমতাৰীয়ে ৰাজনীতি বেয়া পায় বাবে ৰাজনীতি বিজ্ঞান বিষয়টো নপঢ়া বুলি উল্লেখ কৰি অচিৰেই ইউ পি পি এলত যোগদান কৰাৰ আশংকা ব্যক্ত কৰে ৷ উক্ত সভাতে এ বি এমছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক নজৰুল ইছলাম,পৰ্বতঝৰাৰ বি পি এফৰ পৰিষদীয় যতীন্দ্ৰ ব্ৰহ্ম, গোৰেশ্বৰৰ প্ৰাক্তন পৰিষদীয় সদস্য পবিত্ৰ কুমাৰ বড়ো, প্ৰাক্তন এবছু নেতা ড৹ নিলোত স্বৰ্গীয়াৰীসহ ভালেসংখ্যক নেতা-কৰ্মীয়ে ইউ জি ব্ৰহ্মৰ উপস্থিতিত দলত যোগদান কৰে ৷

বহুনেতাৰ ইউ পি পি এলত যোগদান

কাৰ্যনিৰ্বাহক সভাখনৰ অন্তত দলটোৰ সভাপতি উৰ্খাও গৌৰা ব্ৰহ্মই সংবাদমাধ্যমৰ আগত এসপ্তাহৰ ভিতৰত দলটোৱে সমাগত বিটিচি নিৰ্বাচনৰ বাবে শনিবাৰে মূল নিৰ্বাচনী সমিতি গঠন কৰাৰ কথা প্ৰকাশ কৰে ৷ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আই টি চেল গঠনৰ লগতে উচ্চ পৰ্যায়ৰ প্ৰাৰ্থী তালিকা বাছনি সমিতি,নিৰ্বাচনী ইস্তাহাৰ সমিতি গঠনৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে ৷

লগতে চাওকঃUPPLত যোগদান প্ৰমোদ বড়োৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.