ETV Bharat / state

লক ডাউনঃ চিৰাঙত চাউল বিতৰণত দুৰ্নীতিৰ অভিযোগ - chirang

চিৰাঙত লক ডাউনৰ সময়তে সুলভ মূল্যৰ দোকানত চাউল বিতৰণৰ ক্ষেত্ৰত দৰিদ্ৰ লোকক ঠগোৱাৰ অভিযোগ উত্থাপন কৰে অঞ্চলবাসীয়ে । পাঁচ কিলোগ্ৰামৰ ঠাইত ৪ কিলোগ্ৰাম চাউল দিয়াৰ অভিযোগ চিৰাঙবাসীৰ ।

লক ডাউন
লক ডাইনঃ চাউল বিতৰণৰ ক্ষেত্ৰত দুৰ্নীতিৰ অভিযোগ সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে
author img

By

Published : Apr 5, 2020, 5:08 PM IST

চিৰাং, ৫ এপ্ৰিলঃ চিৰাঙত লক ডাউনৰ সময়তে চৰকাৰী সমবায় সমিতিৰ অধীনত সুলভ মুল‍্যৰ দোকানত চাউল বিতৰণৰ ক্ষেত্ৰত দৰিদ্ৰক ঠগোৱাৰ অভিযোগ উত্থাপন । লক ডাউনৰ সময়ছোৱাত চৰকাৰীভাৱে সমবায় সমিতিৰ জড়িয়তে সুলভ মুল‍্যৰ দোকান সমূহত চাউলৰ যোগান ধৰা হৈছে । নিয়ম অনুসৰি প্ৰতিজন ব‍্যাক্তিয়ে পাঁচ কিল'গ্ৰাম কৈ চাউল পাব লাগে যদিও চাৰি কিল'গ্ৰাম কৈ চাউল দিয়াৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে । আনহাতে, বিপিএল কাৰ্ডসমূহত পাঁচ কিল'গ্ৰাম কৈ দোকানীয়ে লিখে বুলি অভিযোগ উত্থাপন কৰে হিতাধিকাৰীসকলে ।

ৰাইজৰ অভিযোগৰ ভিত্তিতে চিৰাং জিলা সদৰ (কাজলগাঁও) মহকুমাধিপতি সাধন সৰকাৰে কেবাখনো সুলভ মুল‍্যৰ দোকান ভ্ৰমণ কৰি ব‍্যাতিক্ৰম হোৱা বুলি স্বীকাৰ কৰাৰ লগতে উপযুক্ত ব‍্যৱস্থা গ্ৰহনৰ আস্বাস দিয়ে।

গ্ৰাহক সকলে এই ক্ষেত্ৰত অভিযোগ কৰাত এক বিশৃঙ্খল পৰিস্থিতিৰ সৃষ্টি হয় যদিও আৰক্ষী আৰু মহকুমাধিপতি জনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । উল্লেখ্য যে, লক ডাউনৰ এই দুৰ্যোগৰ সময়ত দৰিদ্ৰ লোক সকলক সমবায়ৰ সুলভ মুল‍্যৰ দোকানত এই দৰে ঠগোৱা কাৰ্যৰ বিৰুদ্ধে সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । এই ক্ষেত্ৰত যোগান মন্ত্ৰীৰ হস্তক্ষেপৰ দাবী জনাইছে গ্ৰাহক সকলে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.