চিৰাং, 8 মাৰ্চঃ দেওবাৰে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ বনগাঁও দেউশ্ৰীত চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত এক সভাৰ জৰিয়তে বনগাঁৱত বসবাস কৰা ২২২ টা অজনজাতি পৰিয়ালৰ লোকক আনুষ্ঠানিকভাৱে ভূমি পট্টা প্ৰদান কৰে । দেউশ্ৰি ভিচিডিচিৰ সভাপতি বিজয় হেমব্ৰমৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলা উপায়ুক্ত গৌতম তালুকদাৰৰ উপস্থিতিত অসমৰ পৰ্যটন আৰু ভৈয়াম জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু বিটিচিৰ উপমুখ্য কাৰ্য্যবাহী সদস্য খাম্ফা বৰগয়াৰীয়ে আদিবাসী-চাওঁতাল, ৰাজবংশী, নেপালী আৰু সুত্ৰধৰ জনগোষ্ঠীয় ২২২ টা পৰিয়ালৰ হিতাধিকাৰীৰ মাজত ভুমিপট্টা প্ৰদান কৰে । ভূমি পট্টা প্ৰদান কৰি মন্ত্ৰী চন্দন ব্ৰহ্মই কয় যে, "ফৰেষ্ট ডুয়াল এক্ট-2006 ৰ অধীনত বনগাঁও সমূহত বসবাস লোক সকলক যি ভূমিপট্টা প্ৰদান কৰা হৈছে সেয়া তেওঁলোকৰ প্ৰাপ্য আছিল ৷ জৰীপৰ সময়ত কাৰিকৰী অসুবিধাৰ বাবে অলপ পলম হৈছে ইয়াত কোনো ৰাজনীতি নাই ।
তাৰোপৰি, বিটিচি নিৰ্বাচনৰ প্ৰাকমুহূৰ্ত্তত বিটিচিৰ উপমুখ্য কাৰ্য্যবাহী সদস্য খাম্ফা বৰগয়াৰীৰ গৃহ সমষ্টিত অ-জনজাতি লোকক তেখেতৰ পক্ষত আনিবলৈ ভূমিপট্টাক ট্ৰামকাৰ্ড হিচাপে প্ৰয়োগ কৰা হ'ল নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত ব্ৰহ্মই কয়, "এয়া এটা স্বাভাৱিক প্ৰক্ৰিয়াৰ মাজেৰে গৈ এই অঞ্চলৰ বনগাঁৱত বসবাস কৰা অজনজাতি লোক সকলক ভূমিপট্টা প্ৰদান কৰা হৈছে । ইয়াক লৈ বহুতে অপপ্ৰচাৰ চলাইছে কিন্তু ইয়াৰ দ্বাৰা এই অঞ্চলৰ ৰাইজে বহু উপকৃত হ'ব । ইয়াক লৈ বিপিএফ দলে কোনো ৰাজনীতি কৰা নাই । মন্ত্ৰী জনে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত অহা ২০ মাৰ্চ মন্ত্ৰী গোটৰ সভা অনুষ্ঠিত হ'ব আৰু জনজাতিকৰণ সন্দৰ্ভত চূড়ান্ত হ'ব বুলিও মন্তব্য কৰে ।
বিটিচিৰ উপ মুখ্য খাম্পা বৰগয়াৰীয়ে কয় যে, বিটিচিত অজনজাতীয় লোকে ভূমি পাট্টা নাপায় বুলি যি অপপ্ৰচাৰ চলিছিল সেয়া আমি প্ৰমানিত কৰি অজনজাতীয় লোক সকলক ভূমি পাট্টা প্ৰদান কৰিলো । ইয়াৰ পৰা এই অঞ্চলৰ লোক সকলে উপকৃত হ'ব । লগতে কয়, তেওঁৰ বিৰুদ্ধে এনডিএফবি(ছা)ৰ সম্পাদক বি আৰ ফেৰেঙ্গাই ইউপিপিএলৰ পৰা প্ৰতিদন্দিতা কৰিব বুলি শুনিছে । ৰাজনৈতিক অধিকাৰ সকলোৰে আছে । কিন্তু বিপিএফৰ সৈতে কোনো দলৰ প্ৰতিদন্দিতা নহয় বিপিএফ দলেই চৰকাৰ গঠন কৰিব ৷
প্ৰমোদ বড়োই কোনো প্ৰভাৱ নেপেলায় বিটিচি নিৰ্বাচনত । তেওঁ সংবাদ মাধ্যমক আহ্বান জনায় যে ছাত্ৰ সংগঠনে ৰাজনীতি কৰিব নালাগে নহ'লে অভিভাৱক, শিক্ষক, বুদ্ধিজীৱী কি কাৰণে আছে বুলিও কয় । সভাত বিপিএফৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক নন্দলাল মগৰে ভূমি পট্টা প্ৰদানৰ বাবে মন্ত্ৰী চন্দন ব্ৰহ্ম, উপমুখ্য খাম্পা বৰগয়াৰীক ধন্যবাদ জনায় । তেওঁ আৰু কয় যে বিটিচি সচিবালয়ত দুৰ্নীতি হৈছে সেয়া হাগ্ৰামা নেতৃত্বাধীন বিটিচি চৰকাৰে দমন কৰিব বুলিও আশা কৰে ।
দেওবাৰৰ এই ভূমিপট্টা প্ৰদান কৰা অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে আদিবাসী মহাসভাৰ অধ্যক্ষ বীৰ সিং মুণ্ডাই কয় যে, যদিও নিৰ্বাচনৰ প্ৰাকমুহূৰ্ত্তত দিয়া হৈছে কিন্তু চৰকাৰীভাবে এতিয়াও বিটিচিৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হোৱা নাই । আৰু ইয়াৰ জৰীপৰ কাম দীৰ্ঘদিনৰ পৰাই চলি আছিল । এই ভূমিপট্টা পোৱাত এই অঞ্চলত যুগ যুগ ধৰি বসবাস কৰা অজনজাতি লোক বহুত উপকৃত হৈছে । সেই দৃষ্টিত আমি ইয়াত কোনো ৰাজনীতি দেখা নাই । এই ভূমিপট্টা প্ৰদান কৰাক লৈ যাতে কোনেও ৰাজনীতি নকৰে তাৰবাবে আহ্বান জনায় । গোৰ্খা সম্প্ৰদায়ৰ সকলেও বিটিচি প্ৰশাসনৰ এই উদ্যোগৰ শলাগ লয় ।
আৰু পঢ়কঃ বিজেপি চৰকাৰ অপপ্ৰচাৰ আৰু পাব্লিচিটিতহে জীয়াই আছেঃ তৰুণ গগৈ