চিৰাং,4 মে’ঃ সোমবাৰে চিৰাঙত উপস্থিত হয় কোকৰাঝাৰ লোকসভাৰ সাংসদ নৱ শৰণীয়া ৷ সাংসদ গৰাকীয়ে বিপিএফৰ শাসনকালৰ দুৰ্নীতিৰ কথা উল্লেখ কৰি তুলাধূনা দিয়ে ৷ দলটোৰ সকলো দুৰ্নীতিৰ তথ্য় ৰাজ্যপালক অবগত কৰা বুলি প্ৰকাশ কৰে সাংসদ শৰণীয়াই ৷ বিপিএফৰ হেজাৰ কোটি টকীয়া দুৰ্নীতিৰ কথা আমি পূৰ্বৰ পৰা কৈ আছিলো । আমাৰ হাততো এই সন্দৰ্ভত তথ্য আছে । 100 টকাৰ সামগ্ৰী 4/5 টকাত ক্ৰয় কৰা দেখুৱাইছে । এটা আঁচনিৰ ধন আন ঠাইত খটুৱায় বুলি বিপিএফক ক্ষুৰধাৰ সমালোচনা কৰে লোকসভাৰ সাংসদ শৰণীয়াই ৷ ইয়াৰোপৰি, বিটিচি নিৰ্বাচনৰ পূৰ্বে আদালতত সকলো গোচৰৰ নিস্পত্তি হ’ব বুলি একপ্ৰকাৰ হুংকাৰ প্ৰদান কৰে বিপিএফ দলক ৷
লগতে চাওকঃ বঙাইগাঁৱৰ কোৱাৰেণ্টাইন কেন্দ্ৰ পৰিদৰ্শন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ