ETV Bharat / state

কোকৰাঝাৰত অপহৰণকাৰীৰ কবলৰ পৰা উদ্ধাৰ চিৰাঙৰ ছানিদুলক - উদ্ধাৰ কৰিবলৈ সক্ষম হয় ছানিদুলক

চিৰাঙত পুনৰ অপহৰণকাণ্ড (Kidnapped case in Chirang)। গাড়ী ভাড়ালৈ নি চালকক অপহৰণৰ চেষ্টা দুৰ্বৃত্তৰ ৷ অৱশ্যে আৰক্ষীৰ চকুত ধূলি দি মাজনিশা কোকৰাঝাৰৰ পৰা উদ্ধাৰ কৰা হয় অপহৃত যুৱকক (Kidnapped youth rescued from abductors in Kokrajhar) ।

Kidnapped youth rescued from abductors in Kokrajhar
অপহৰণকাৰীৰ কবলৰ পৰা কোকৰাঝাৰত উদ্ধাৰ হ’ল ছানিদুল
author img

By

Published : Oct 10, 2022, 8:12 PM IST

চিৰাং, 10 অক্টোবৰ : পুনৰ অশান্ত হ’ব নেকি বিটিআৰ ! কিয়নো বহু দিনৰ মূৰত চিৰাঙত সংঘটিত হৈছে এক অপহৰণ কাণ্ড । এই অপহৰণ কাণ্ডক কেন্দ্ৰ কৰি সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ (Kidnapped case in Chirang) ৷ অৱশ্যে অপহৰকাৰীৰ চকুত ধূলি দি অপহৰণকাৰী কবলৰ পৰা পলাই সাৰিবলৈ সক্ষম হৈছে অপহৃত যুৱক ৷ অপহৃত যুৱকজনৰ নাম হৈছে ছানিদুল আলী (23) ৷

ঘটনাৰ বিৱৰণি অনুসৰি, চিৰাং জিলাৰ ৰুনিখাতা থানা তথা বেংতল আৰক্ষী চকীৰ অন্তৰ্গত অণ্ঠাইবাৰী গাঁৱৰ বাসিন্দা ছানিদুল আলীৰ বেংতল বজাৰত আছে এটা গেৰেজ ৷ অইন দিনাৰ দৰে দেওবাৰেও ছানিদুল আলীয়ে নিজৰ গেৰেজতে কাম কৰি আছিল ৷ তেনে সময়তে হঠাৎ গাড়ী ভাড়ালৈ বিচাৰি ছানিদুললৈ আহে এটা ফোন কল ৷

অপহৰণকাৰীৰ কবলৰ পৰা কোকৰাঝাৰত উদ্ধাৰ হ’ল ছানিদুল

তাৰ পাচতে ফোনতে গাড়ীৰ ভাড়া সংক্ৰান্তিয় সকলো বন্দবস্ত কৰে ছানিদুল আলীয়ে ৷ সেই নিদ্দিষ্ট সময় অনুসৰি, ছানিদুল আলীয়ে AS 16 G 5495 নম্বৰ মাৰুতি কোম্পানীৰ বাহন লৈ জিলা সদৰ কাজলগাঁৱলৈ আহে । পিচতে বিয়লি প্ৰায় 5 বজাত চাৰিজনীয়া যুৱকৰ দল এটাক লৈ বিজনীলৈ যায় ৷ তাৰ পৰা আকৌ কোকৰাঝাৰৰ বাউখুংগ্ৰীলৈ যায় যুৱকৰ দলটো ।

লগতে পঢ়ক : ৰাজস্থানৰ যুৱতীক চলন্ত ৰেলত নিৰ্যাতন আৰপিএফ জোৱানৰ

কিন্তু সেই তাতেই লাগিল কেনা ৷ দেওবাৰে নিশা বাউখুংগ্ৰীত চালক ৰূপে যোৱা ছানিদুলক হাত ভৰি বান্ধি যুৱকৰ দলটোৱে মাৰপিট কৰে ৷ এই অভিযোগ উত্থাপিত কৰিছে ছানিদুল আলী আৰু তেওঁৰ পিতৃয়ে ৷ কেৱল মাৰপিট কৰাই নহয়, ছানিদুলৰ লগত থকা নগদ ধন, ম’বাইল ফোন, গাড়ী সকলো কাঢ়ি লৈ ঘন জংঘলত বান্দি কৰি ৰাখে ছানিদুলক ৷

লগতে যুৱকৰ দলটোৱে ছানিদুলৰ মুক্তিৰ দাবীত পৰিয়ালক 30 লাখ টকাৰো দাবী কৰে ৷ কিন্তু কোনো মতে, অপহৰণকাৰীৰ কবলৰ পৰা পলাই সাৰিবলৈ সক্ষম হয় ছানিদুলে ৷ ছানিদুলে উল্লেখ কৰা অনুসৰি, অপৰহণকাৰীৰ কবলৰ পৰা পলাই আহি এঘৰ বড়ো মানুহৰ লোকৰ ঘৰত আশ্ৰয় লয় ৷

তাৰ পৰাই ছানিদুলে পিতৃক ফোন কৰি সকলো কথা ব্যক্ত কৰে ৷ তাৰ পাচতে দেওবাৰে মাজ নিশা চিৰাং আৰু কোকৰাঝাৰ আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ছানিদুলক (Kidnapped youth rescued from abductors in Kokrajhar) ৷ ইতিমধ্যে এই সন্দৰ্ভত বেংতল আৰক্ষী চকীত ছানিদুল আলীয়ে দাখিল কৰিছে এক এজাহাৰ ৷ এই এজাহাৰৰ ভিত্তিতেই আৰক্ষীয়ে পুনৰ আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়ক : ৰঙিয়াৰ ব্ৰিকফিল্ড ক’লনিত চোৰৰ হাত চাফাই অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.