ETV Bharat / state

চিৰাঙৰ ৰাজপথত সাংবাদিকক প্ৰহাৰ কৰি বীৰত্ব প্ৰদৰ্শন আৰক্ষী জোৱানৰ

author img

By

Published : Feb 8, 2022, 12:29 PM IST

ৰাজহুৱাভাৱে এটা ব্যাক্তিগত চেটেলাইট চেনেলৰ সাংবাদিকক চিৰাঙৰ বাসুগাঁৱত এজন আৰক্ষী জোৱানে প্ৰহাৰ কৰাৰ ঘটনাক লৈ উত্তপ্ত হৈছে ৰাজ্য (Controversy over Police thrashed journalist in Public) ৷ হেলমেট বিহীনভাৱে মটৰ চাইকেল চলোৱা আৰক্ষীক প্ৰশ্ন কৰাৰ পিছতে সংঘটিত হৈছিল এই ঘটনা ৷

journalist-beaten-up-by-a-police-man-in-basugaon-chirang
চিৰাঙৰ ৰাজপথত সাংবাদিকক প্ৰহাৰ কৰি বীৰত্ব প্ৰদৰ্শন আৰক্ষী জোৱানৰ

চিৰাং, 8 ফেব্ৰুৱাৰী : চিৰাঙৰ বাসুগাঁৱত এটা ব্যাক্তিগত চেটেলাইট চেনেলৰ সাংবাদিক জয়ন্ত দেৱনাথক বাসুগাঁও আৰক্ষীৰ এজন জোৱানে প্ৰহাৰ কৰাৰ ঘটনাকলৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে (Journalist beaten up by a police man in Chirang) ৷ উল্লেখযোগ্য যে, ৰাজহুৱাভাৱে সাংবাদিকজনক বাসুগাঁও চহৰৰ মাজ মজিয়াত প্ৰহাৰ কৰে আৰক্ষীয়ে । অভিযোগ মতে, প্ৰদীপ সাহা নামৰ এজন আৰক্ষী কনিষ্টবলে হেলমেট বিহীন ভাৱে লগত আন এজন কনিষ্টবলক লৈ মটৰ-চাইকেল চলাই যোৱা বাবে সাংবাদিক জয়ন্ত দেৱনাথে আৰক্ষী জনক সুধিছিল হেলমেট নোহোৱাকৈ তেওঁ কিয় মটৰ চাইকেল চলাইছে ।

আৰক্ষীয়েই হেলমেট নিপিন্ধা লোকক জৰিমনা বিহে আৰু তেনে অৱস্থাত আৰক্ষীৰ লোকেই যদি হেলমেট বিহীনভাৱে মটৰ চাইকেল চলায় তেনেহলে আৰক্ষীয়েই চৰকাৰৰ আইন অমান্য কৰে যদি সাধাৰণ লোকে কিয় নকৰিব বুলিও প্ৰশ্ন কৰে সাংবাদিকজনে ৷

তাৰ পিছতে জয়ন্ত দেৱনাথক নিৰ্মম ভাৱে ৰাজহুৱাকৈ প্ৰহাৰ কৰে আৰক্ষী জোৱানজনে (Police thrashed journalist Jayant Devnath in public) । সাংবাদিকক আৰক্ষীয়ে এইদৰে প্ৰহাৰ কৰা ঘটনাক জাফাৰ ( Journalist Association for Assam)ৰ কেন্দ্ৰীয় সভাপতি অভিদ্বিপ চৌধুৰী আৰু চিৰাং জিলা সমিতি জাফাৰ সভাপতি সুনিল শৰ্মা আৰু সম্পাদক আব্দুল মালেক আহমেদে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

জাফাৰ তৰফৰ পৰা দোষী আৰক্ষী কনিষ্টবলৰ কঠোৰ শাস্তিৰ দাবী জনোৱা হৈছে । ইফালে, ৰাজহুৱা স্থানত জোৱানজনে সাংবাদিক গৰাকীক প্ৰহাৰ কৰাৰ ভিডিঅ’ প্ৰমাণ আছে যদিও, আৰক্ষী জোৱানজনে জয়ন্ত দেৱনাথক প্ৰহাৰ কৰাৰ কথা অস্বীকাৰ কৰিছে ৷

লগতে পঢ়ক : ৰাজীৱ ভৱনলৈ নাযায় নেতা : ভৱনত চলে বাদাম-ভূজিয়াৰ পেকেজিং !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.