চিৰাং, 6 মে': চিৰাং জিলাৰ 31 নং চিদলী সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক জয়ন্ত বসুমতাৰী বুধবাৰে উপস্থিত হ'ল নিজ সমষ্টিত ৷ ফলাফল ঘোষণা হোৱাৰ পাচতে বিভিন্ন কামত গুৱাহাটীত দিন কটাবলগীয়া হোৱা বিধায়ক গৰাকীক উষ্ম আদৰণি জনালে সমষ্টিবাসীৰ লগতে নিজ গাঁওবাসীয়ে ৷ সন্ধিয়া সান্ধ্য আইনৰ মাজতে গাঁওবাসী ওলাই আহিল বিধায়ক গৰাকীক আদৰণি জনাবলৈ ৷ টাঙাবাৰীৰ ময়নাগুৰীস্থিত বাসগৃহ ভৰি পৰিল বিধায়ক গৰাকীৰ শুভকাংক্ষীৰে ৷
সংবাদ মাধ্যমৰ আগত বিধায়ক জয়ন্ত বসুমতাৰীয়ে কয়, ‘ছাত্ৰ নেতাৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহি প্ৰথমে মাক সেৱা কৰিলো,ঘৰৰ থাপনাত সেৱা জনাই,গাঁৱৰ লোকৰ সৈতে মত বিনিময় কৰিলো। মই ছাত্ৰ নেতা হৈ থকাৰ সময়তো পদবীৰ লালসা নাছিল এতিয়াও নাই। দলে যি দায়িত্ব দিব সেয়া নিষ্ঠাৰে কৰি যাম ৷ মুখ্যমন্ত্ৰী সন্দৰ্ভত বিধায়ক গৰাকীয়ে কয়, ইউপিপিএল দলে যাক সমৰ্থন জনাব মই তাকেই মানি ল'ম ৷’
![31 নং চিদলী সমষ্টিত উষ্ম আদৰণি জনালে জয়ন্ত বসুমতাৰীক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-02-chirangsidlimlawarmwelcome-vis-10012_05052021211930_0505f_1620229770_708.jpg)
ইফালে নতুনকৈ গঠিত হোৱা উগ্ৰপন্থী সংগঠন এনএলএফবি সন্দৰ্ভত মন্তব্য কৰি কয়,কোনো লক্ষ্য উদ্দেশ্য নোহোৱাকৈ তেওঁলোকে হাতত অস্ত্ৰ তুলি লৈছে। গতিকে সময় থাকোতেই মূল সুতিলৈ ঘুৰি আহক আৰু ৰাইজৰ সেৱাত মনোযোগ দিয়ক। অন্যথা গত্যন্তৰ নাই।
লগতে পঢ়ক: এক অনন্য পৰিৱেশত ক’ভিড ভেকচিন গ্ৰহণ ডিব্ৰুগড়বাসীৰ