চিৰাং, 30 নৱেম্বৰ : বিটিচি নিৰ্বাচনক লৈ বড়ো ভূমিৰ প্ৰতিটো ৰাজনৈতিক দলৰ মাজত ৰণডংকা অব্যাহত থকাৰ মাজতে চিৰাং জিলাৰ বিজনী 18 নং মানাস ছেৰফাং পৰিষদীয় সমষ্টিৰ পাণবাৰী বগলাঝাৰৰ পৰা 2 নং কোচুবিল যোৱা পথৰ কাষত থকা ইউপিপিএলৰ পোষ্টাৰ-বেনাৰসমূহ দেওবাৰে নিশা দুৰ্বৃত্তই ফালি জংঘলত পেলাই থোৱাৰ অভিযোগ উত্থাপন হৈছে ৷
ঘটনা সন্দৰ্ভত ইউপিপিএল দলৰ বিজনী জিলাৰ সাধাৰণ সম্পাদক হোম প্ৰসাদ শৰ্মা উপস্থিত হৈ সংবাদ মাধ্যমৰ যোগেদি গৰিহণা দিয়াৰ লগতে অতিশীঘ্ৰে দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় । শীঘ্ৰে বিষয়টো সন্দৰ্ভত উচিত তদন্ত কৰি দোষীক শাস্তি দিবলৈ দাবী জনাইছে নেতাগৰাকীয়ে ৷
লগতে পঢ়ক : বিজেপিয়ে বিটিচি দখল কৰিলে সাম্প্ৰদায়িক সংঘৰ্ষ হ'ব : নীলমনি সেন ডেকা