ETV Bharat / state

Irrigation sluice gate breaks down: হঠাৎ ভাগিল জলসিঞ্চন বিভাগৰ শ্লুইচ গেট - UPPL

13 বছৰতে জহি-খহি গ’ল এটা কৃষিবান্ধ ৷ 7-8 খন গাঁৱৰ লোক শংকিত ৷ নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰি শ্লুইচ গেট নিৰ্মাণৰ ফল ভুগিছে ৰাইজে ৷ শ্লুইচ গেটখন ভগা বিষয়টোৰ উচিত তদন্তৰ দাবী উত্থাপন ৰাইজৰ ৷

Irrigation sluicegate breaks down
হঠাৎ ভাগিল জলসিঞ্চন বিভাগৰ শ্লুইচ গেট
author img

By

Published : Jun 26, 2023, 6:59 PM IST

Updated : Jun 26, 2023, 7:35 PM IST

হঠাৎ ভাগিল জলসিঞ্চন বিভাগৰ শ্লুইচ গেট

চিৰাং,26 জুন: মাত্ৰ 13 বছৰতে জহি-খহি গ’ল এটা কৃষিবান্ধ ৷ কৃষকৰ বাবে আশীৰ্বাদ হ’ব বুলি ভবা কৃষিবান্ধ এতিয়া অভিশাপলৈ পৰিণত হৈছে ৷ এয়া চিৰাঙৰ বেংতল ৰাজহচক্ৰৰ ডোমগাঁও-শালবাৰী গাঁৱৰ দৃশ্য ৷

বিনা বৰষুণতে তাচ পাতৰ দৰে ভাগি পৰিল ডোমগাঁও-শালবাৰীস্থিত দুই কোটি টকীয়া জলসিঞ্চন প্ৰকল্পৰ শ্লুইচ গেট । বিটিচি প্ৰশাসনৰ জলসিঞ্চন বিভাগৰ দ্বাৰা ২০০৬-০৭ চনত নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল যদিও ২০১০ চনত কৃষকৰ বাবে এই শ্লুইচ গেট মুকলি কৰা হৈছিল ।

কিন্তু সোমবাৰে পুৱা ৯ বজাত হঠাৎ শ্লুইচ গেটখন ভাগি পৰাত সাতখন গাঁৱৰ লোকলৈ ভাবুকি হৈ পৰিছে । অনিশ্চয়তাৰ মাজত এতিয়া 7 খন গাঁৱৰ 2500 বিঘা কৃষিভূমি । শংকিত হৈ পৰিছে কৃষিজীৱি ৰাইজ । স্থানীয় লোকৰ অভিযোগ-জলসিঞ্চন বিভাগৰ দুৰ্নীতিগ্ৰস্ত অভিযন্তা আৰু ঠিকাদাৰে মিলি নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰি শ্লুইচ গেট নিৰ্মাণ কৰিছিল ৷ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ 13 বছৰতে এইদৰে তাচ পাতৰ দৰে ভাগি পৰিল ।

‘‘যদি পূৰ্বে ভালদৰে নিৰ্মাণ কৰা হলে 10-12 বছৰৰ ভিতৰতে এনে অৱস্থা নহ’লেহেঁতেন ৷ আমাৰ এতিয়া মৰা অৱস্থা হ’ব, যদিহে সোনকালে পুনৰ মেৰামতি নকৰে ’’- এই মন্তব্য ৰাইজৰ ৷

জলসিঞ্চন বিভাগৰ শ্লুইচ গেটখন ভগা বিষয়টোৰ উচিত তদন্তৰ দাবী উত্থাপন কৰিছে ৰাইজে । ইফালে কোটি টকা ব্যায় সাপেক্ষে নিৰ্মাণ কৰা এই শ্লুইচগেট মেৰামতি বা পুনৰ নিৰ্মাণ কৰিবলৈ পুনৰ কোটি টকা ব্যয় কৰিব লাগিব । অন্যথা প্ৰায় 7-8 খন গাঁৱৰ আঢ়ৈ-তিনি হাজাৰ বিঘা কৃষিভূমিত কি দৰে খেতি কৰিব তাকে লৈ চিন্তিত হৈ পৰিছে কৃষকসকল ।

লগতে পঢ়ক:Fake DC Arrested: তেজপুৰ আৰক্ষীৰ জালত ভুৱা Duplicate DC

Last Updated : Jun 26, 2023, 7:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.