ETV Bharat / state

চিৰাঙত প্ৰায় পাঁচ লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ আৰক্ষীৰ - ঢালিগাঁও

চিৰাঙৰ ঢালিগাঁও আৰক্ষীয়ে পশ্চিম বিলাসপুৰ গাঁৱৰ পৰা জব্দ কৰিলে প্ৰায় পাঁচ লক্ষাধিক টকাৰ চোৰাং কাঠ ।

Illegal timber seized By Police At Chirang
চিৰাঙত প্ৰায় পাঁচ লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ আৰক্ষীৰ
author img

By

Published : Aug 3, 2020, 10:56 PM IST

চিৰাং, 3 আগষ্টঃ সোমবাৰে পুৱতি নিশা চিৰাঙৰ ঢালিগাঁও থানাৰ অন্তৰ্গত পশ্চিম বিলাসপুৰত চোৰাং কাঠৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলায়। ঢালিগাঁও থানাৰ আৰক্ষী বিষয়া বিজিত দাধৰাৰ নেতৃত্বত চলা অভিযানত পশ্চিম বিলাসপুৰ গাঁৱৰ ৰেজ্জাক আলী আকন্দৰ ঘৰৰ পৰা বহু মূল্যবান শাল আৰু সিধা কাঠ জব্দ কৰিবলৈ সক্ষম হয় । জব্দকৃত চোৰাং কাঠ খিনিৰ বজাৰ মুল‍্য প্ৰায় পাঁচ লক্ষাধিক টকা হ'ব বুলি আৰক্ষীয়ে অনুমান কৰিছে । ইফালে জব্দকৃত কাঠখিনি চিৰাং বন সংমণ্ডলক গতাই দিব বুলি আৰক্ষীয়ে জনাইছে ৷

চিৰাঙত প্ৰায় পাঁচ লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ আৰক্ষীৰ

চিৰাং জিলাৰ বিভিন্ন প্ৰান্তত আজিও এইদৰেই অব‍্যাহত আছে চোৰাং কাঠৰ সৰবৰাহ । আনহাতে বিটিচিত বৰ্তমান ৰাজ‍্যপালৰ শাসন চলি আছে ৷ ৰাজ‍্যপাল শাসনৰ আৰম্ভনিতে ৰাজ‍্যপালে প্ৰশাসনক চোৰাং কাঠৰ ব‍্যৱসায় বন্ধ কৰিবলৈ আৰু বনাঞ্চল ধ্বংস ৰোধ কৰাৰ বাবে কঠোৰ নিৰ্দেশনা দিছিল যদিও আৰক্ষী প্ৰশাসনৰ চকুত ধূলি দি একাংশই অসাধু চক্ৰই চলাই গৈছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা ৷

লগতে পঢ়ক- প্ৰবঞ্চনাৰ তালিকাখন শেষ নোহোৱা এটা প্ৰবঞ্চক আৰক্ষীৰ জালত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.