ETV Bharat / state

চিৰাঙত অবৈধ বালি মহলৰ বিৰুদ্ধে ক্ষুব্ধ জনসাধাৰণ

বালিৰ খনন ৰোধ কৰিবলৈ প্ৰশাসনলৈ আহ্বান স্থানীয় ৰাইজৰ ৷

চিৰাঙত অবৈধ বালিৰ মহলৰ বিৰুদ্ধে ক্ষুব্ধ জনসাধাৰণ
author img

By

Published : May 10, 2019, 10:36 AM IST

চিৰাং, 10 মে' : চিৰাং জিলাৰ অবৈধ বালি মহলৰ বিৰুদ্ধে সোচ্চাৰ সংখ্যালঘু বসতিৰ জনসাধাৰণ ৷ জিলাখনৰ বিজনী মহকুমাৰ অন্তৰ্গত কুকলুং বনাঞ্চলৰ ১ নং দংশিয়াপাৰাৰ আছাফুকা নদীত বন বিভাগৰ সৈতে মিলি অবৈধ ভাৱে চলিছে বালিৰ মহল ৷

চিৰাঙত অবৈধ বালিৰ মহলৰ বিৰুদ্ধে ক্ষুব্ধ জনসাধাৰণ

বাহাৰ আলী আৰু ৰশিদ আলী নামৰ লোক দুজনে বন বিভাগৰ সৈতে মিলি দীৰ্ঘদিনৰ পৰা বালিৰ মহল চলায় অহাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ বিটিছি অঞ্চলৰ বালিৰ মহলত প্ৰশাসনে অবৈধ বালিৰ মহল বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰাৰ পাচতো নিশাৰ ভাগত আছাফুকা নদীৰ বুকুত চলি আছে অবৈধ বালিৰ খনন ৷ 40-50 ফুট খননেৰে ইতিমধ্যে নদীৰ তলি বাম কৰি পেলাইছে অবৈধ বালিৰ খননকাৰীয়ে ৷ বালিৰ অবৈধ খনন প্ৰত্যক্ষ কৰিও নিৰৱে থকা কুকলুং বন বিভাগক এই সন্দৰ্ভত অচিৰেই ব্যৱস্থা হাতত ল'বলৈ আহ্বান দংশিয়াপাৰাবাসীৰ ৷

sample description
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.