ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মা ব্যক্তিগত ইস্তাহাৰ : হাগ্ৰামা মহিলাৰী

author img

By

Published : Dec 2, 2020, 9:19 AM IST

Updated : Dec 2, 2020, 9:34 AM IST

মঙলবাৰে 13 নং চিৰাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত জাউলিয়াবাৰী পথাৰত অনুষ্ঠিত হোৱা বিপিএফ দলৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিজেপিক ক্ষুৰধাৰ সমালোচনা প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ ৷ হিমন্ত বিশ্ব শৰ্মা আৰু বিশ্বজিত দৈমাৰীক খেদা খোৱা নেতা আখ্য়া হাগ্ৰামাৰ ৷

hugrama mahilary comments on bjp
চিৰাঙত হাগ্ৰামা মহিলাৰীৰ মন্তব্য়

চিৰাং,2 ডিচেম্বৰ : চিৰাং জিলাৰ 13 নং চিৰাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত জাউলিয়াবাৰী পথাৰত মঙলবাৰে বিপিএফ দলৰ নিৰ্বাচনী সভাত উপস্থিত হয় প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী । সভাত বাক্সা জিলাৰ মথনগুৰি সমষ্ঠিৰ গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থী ইব্ৰাহিম আলীয়ে আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰে । বিটিচি নিৰ্বাচনৰ বাবে মাত্ৰ 8 দিন থকাৰ পূৰ্বে গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থীজনে বিপিএফত যোগদান কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

চিৰাঙত হাগ্ৰামা মহিলাৰীৰ মন্তব্য়

উক্ত সভাত বিজেপিক সমালোচনা কৰি হাগ্ৰামা মহিলাৰীয়ে কয়, ‘‘বিজেপিৰ ৰাজ্যিক সভাপতি হ’লেও ৰণজিৎ দাসৰ কোনো মূল্য নাই ৷ হিমন্তই মোৰ বিৰুদ্ধে কয় বাবে ময়ো হিমন্তৰ বিৰুদ্ধে কৈছো । বিজেপি ৰাষ্ট্ৰীয় দল এটাৰ নিৰ্বাচনী ইস্তাহাৰ হিমন্তৰ ইচ্ছানুসাৰে হয় । প্ৰমোদ বড়ো বেপাৰী মানুহ । এতিয়া হাগ্ৰামা জিকিব নে হিমন্ত জিকিব সেয়াহে চেলেঞ্জ চলিছে বিটিচিত । হিমন্তৰ সভাত মানুহ নহয়, হাগ্ৰামাৰ সভাত হাজাৰ হাজাৰ মানুহ থাকে ৷ গতিকে কোনে জিকিব ৰাইজে বিচাৰ কৰক ৷’’

লগতে তেওঁ কয় যে, ‘‘হিমন্তই আৱৰ্ত ভৱনত বহি টকা বিলায়, গতিকে ৰাইজ আপোনালোকে হিমন্তৰ টকা লওঁক, কিন্তু ভোট বিপিএফক দিব । হিমন্তই মাটিৰ পট্টা দিয়াৰ কথা নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰিলেও বিটিআৰ চুক্তিত উল্লেখিত অনুসৰি অ-জনজাতীয় লোকৰ কোনো ভূমিৰ অধিকাৰ নাথাকিব । হিমন্তই আমাক বুৰ্বক বনাব খুজিছে । হিমন্ত আছু আৰু আলফাৰ পৰা খেদা খাই কংগ্ৰেছত যোগদান কৰি নিজকে ৰক্ষা কৰিছিল । আকৌ দুৰ্নীতি কৰি বিজেপিত গৈ নিজকে ৰক্ষা কৰিলে । একেদৰে বিশ্বজিত দৈমাৰীয়েও শিক্ষকসকলৰ পৰা টকা খাই নিজক ৰক্ষা কৰাৰ বাবে বিজেপিত গ’ল । দুয়োজনেই খেদা খোৱা নেতা’’ ।

উল্লেখ্য যে, আদিবাসী বিভিন্ন জাতীয় দল-সংগঠনৰ নেতৃত্বই জাউলীয়াবাৰীত এই সভা অনুষ্ঠিত কৰি বিপিএফ দলক ভোটদানৰ বাবে ৰাইজক আহ্বান জনায় ৷

লগতে পঢ়ক : ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা সমাধানৰ বাবে ডিব্ৰুগড় প্ৰশাসনৰ বৈঠক

Last Updated : Dec 2, 2020, 9:34 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.