চিৰাং, 1 চেপ্তেম্বৰঃ চিৰাঙৰ ছাপাগুৰীৰ ৩১ নং চি ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ অভিযান । অভিযানত বিশেষ সূত্ৰৰ তথ্যৰ ভিত্তিতে আৰক্ষীয়ে বাঁহ কঢ়িওৱা RJ-27-GB-0810 নম্বৰৰ ১২ চকীয়া ট্ৰাক খন জব্দ কৰে বৃহৎ পৰিমাণৰ বিলাতী সুৰা ।
আৰক্ষীয়ে প্ৰথমে গাড়ীখন ৰখিবলৈ দিয়াত নৰখে যদিও ৰাষ্ট্ৰীয় ঘাই পথত খেদি খেদি জব্দ কৰে ট্ৰাকখন । বাঁহ কঢ়িওৱা গাড়ীখন খালী কৰাৰ পাচত বাঁহৰ তলত উদ্ধাৰ হয় ৩১৮ কাৰ্টন বিভিন্ন কোম্পানীৰ বিলাতী সুৰাৰ বটল । চিৰাং জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) প্ৰকাশ মেধি, উপ-আৰক্ষী অধীক্ষক(সদৰ) প্ৰতাপ দাস আৰু ঢালিগাঁও থানাৰ অচি বিজিত দাধৰাই চলাইছিল এই অভিযান ।
সন্দেহ কৰা হৈছে বিহাৰৰ নিৰ্বাচন উপলক্ষে এই সমূহ বিলাতী সুৰাৰ বটল লৈ যোৱা হৈছে । ছাপাগুৰীৰ পৰা কোকৰাঝাৰ অভিমুখি আছিল গাড়ীখন । আনহাতে, গাড়ীখনৰ চালক কমলেশ মিনাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । অধিক তথ্যৰ বাবে চালক জনৰ সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
লগতে পঢ়কঃ আজিৰে পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সচেতনতামূলক কাৰ্যসূচী