ETV Bharat / state

চিৰাঙত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

author img

By

Published : Apr 17, 2021, 7:33 PM IST

চিৰাঙৰ ৰুণিখাটা থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ শান্তিপুৰৰ উত্তৰে সুলেখাগুৰিত চিৰাং আৰক্ষীৰ অভিযানত উদ্ধাৰ হয় থ্ৰি নট থ্ৰি হস্তনিৰ্মিত ২ টা ৰাইফল আৰু ৭ কেজি ৫০০ গ্ৰাম বিস্ফোৰক টিএনটি, বোমা নিৰ্মাণৰ বাবে ব্যৱহাৰ হ’ব পৰা দুটা নতুন প্ৰেচাৰ কুকাৰ, বেটাৰী দুটা, তাঁৰ তিনি বাণ্ডিলৰ লগতে অন্যান্য সামগ্ৰী ৷ উগ্ৰপন্থী সংগঠন এনএলএফবিৰ নেতা বাথাৰ নেতৃত্বত এই বিস্ফোৰক সামগ্ৰীখিনি লাল সিং নামৰ এজন লিংকমেনৰ জৰিয়তে লৈ যোৱা হৈছিল ৷

huge-explosive-recover-from-chirang
চিৰাঙত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

চিৰাং,17 এপ্ৰিল: ভয়ানক বিস্ফোৰণৰ পৰা ৰক্ষা পৰিল চিৰাং জিলা । চিৰাঙৰ ৰুণিখাটা থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ শান্তিপুৰৰ উত্তৰে সুলেখাগুৰিত চিৰাং আৰক্ষীৰ অভিযানত উদ্ধাৰ হয় থ্ৰি নট থ্ৰি হস্তনিৰ্মিত ২ টা ৰাইফল আৰু ৭ কেজি ৫০০ গ্ৰাম বিস্ফোৰক টিএনটি, বোমা নিৰ্মাণৰ বাবে ব্যৱহাৰ হ’ব পৰা দুটা নতুন প্ৰেচাৰ কুকাৰ, বেটাৰী দুটা, তাঁৰ তিনি বাণ্ডিলৰ লগতে অন্যান্য সামগ্ৰী ৷ চিৰাং জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত এই তথ্যখিনি প্ৰকাশ কৰে অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান এল আৰ বিষ্ণৈয়ে ।

নতুনকৈ গঠিত উগ্ৰপন্থী সংগঠন এনএলএফবিৰ নেতা বাথাৰ নেতৃত্বত এই বিস্ফোৰক সামগ্ৰীখিনি লাল সিং নামৰ এজন লিংকমেনৰ জৰিয়তে লৈ যোৱা হৈছিল । চিৰাং আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত লাল সিঙক গ্ৰেপ্তাৰ কৰি এইসমূহ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় । এনএলএফবি-ৰ নেতা এম বাথাই নিৰাপত্তা বাহিনী তথা কোনো লোকক টাৰ্গেট কৰি বোমা স্থাপনৰ যো-জা চলাইছিল বুলিও দাবী কৰে বিশেষ আৰক্ষী সঞ্চালক প্ৰধানজনে । সংবাদমেলত চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিং, অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) প্ৰকাশ মেধি, উপ আৰক্ষী অধীক্ষক (সদৰ) প্ৰতাপ দাস উপস্থিত থাকে ।

লগতে পঢ়ক : বি পি এফৰ তিনি মন্ত্ৰীক লৈ ব্যাপক চৰ্চা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.