চিৰাং,16 অক্টোবৰ : বুধবাৰে চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ কয়লাময়লাত সেনা আৰু আৰক্ষীৰ যৌথ অভিযানত উদ্ধাৰ কৰা হয় বৃহৎপৰিমাণৰ বিস্ফোৰকসহ সজীৱ গুলি ৷ এক গোপন সূত্ৰৰ ভিত্তিত দিনৰ প্ৰায় দহমান বজাত সেনা আৰু আৰক্ষীৰ দলে শুকান টাক্লাই অঞ্চলত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় মাৰণাস্ত্ৰখিনি ৷ অভিযানকাৰী দলৰ সন্দেহ কূটাঘাতৰ পৰিকল্পনাৰে নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন এন ডি এফ বি (এছ)গোটে পুতি ৰাখিছিল মাৰণাস্ত্ৰখিনি ৷
ইয়াৰ পাচতেই সেনা-আৰক্ষীৰ দলটোৱে অঞ্চলটোৰ আন কেইবা ঠাইত অভিযান চলায় ৷ অভিযানৰ সময়ছোৱাত এঠাইত প্লাষ্টিকেৰে মেৰিয়াই পুতি থোৱা অৱস্থাত 101 টা ৭.৬২ এ কে চিৰিজৰ সজীৱ গুলি, 8 টা ৫.৫৬ সজীৱ গুলি,৩ টা ৭.৬২ স্নাইপাৰ সজীৱ গুলি,গুলিৰ খালি বাকলি দুটা, দুটা ক্ৰুইড বোমা, এটা চাইনিজ গ্ৰেনেড, এটা 36ৰ গ্ৰেণেড, আৰু তাঁৰৰ সৈতে বৈদ্যুতিক ডিটনেটৰ ১০ টা উদ্ধাৰ কৰিবলৈ সক্ষম হয় সেনা আৰক্ষীৰ দলটোৱে ৷
উল্লেখ্য যে,চিৰাং জিলাত শেষতীয়াকৈ সেনা-আৰক্ষীৰ যৌথ অভিযানত বৃহৎ সফলতা লাভ কৰিছে । কিছুদিন পূৰ্বে পানাবাৰী বনাঞ্চলৰ পৰা বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ কৰাৰ লগতে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছিল ৷ আৰক্ষীৰ এই অভিযানৰ পিচতে বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ সময়ত অঞ্চলটোত কূটাঘাটকাৰীয়ে কূটাঘাট সংঘটিত কৰাৰ চেষ্টা অব্যাহত ৰখাৰ কথা পোহৰলৈ আহিছে ৷
![Huge arms recoverd at Chirang](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-chiranghugearmsrecovery-photo-10012_16102019203107_1610f_1571238067_368.jpg)
![Huge arms recoverd at Chirang](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-chiranghugearmsrecovery-photo-10012_16102019203107_1610f_1571238067_864.jpg)