চিৰাং, ১৬ ছেপ্টেম্বৰ : ‘‘আমাৰ চৰকাৰ আহিলেই প্ৰথমতে বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী ওৰফে বি আৰ ফেৰেংগাক উচ্ছেদৰ জাননী দিম ৷ কিয়নো বিটিচি চুক্তি মতে, ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীৰ আগত থকা সকলো লোক ইয়াৰ বাসিন্দা ৷ কিন্তু ফেৰেংগা ২০০৮ চনতহে আহিছে ৷’’ শনিবাৰে চিৰাঙৰ দুনাবাৰীত আয়োজিত বিপিএফৰ যোগদান কাৰ্যসূচীত অংশ লৈ এই মন্তব্য কৰে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ।
লগতে ৰঞ্জিত বসুমতাৰীক কিয় প্ৰমোদ বড়োৱে উচ্ছেদৰ জাননী দিব নোৱাৰে বুলিও প্ৰশ্ন উত্থাপন কৰে বিপিএফৰ সভাপতিগৰাকীয়ে ৷ উল্লেখ্য যে, ফেৰেংগা হৈছে বিটিআৰ বন বিভাগৰ কাৰ্যবাহী সদস্য । মহিলাৰীয়ে কয়, ‘‘প্ৰমোদ বড়োৱে শিক্ষা বিভাগৰ ধন ক্ৰীড়া বিভাগত খটোৱাইছে । লগতে তেওঁ আৰু ভিন্ন বিভাগত দুৰ্নীতি কৰি আছে । আমাৰ চৰকাৰ অহাৰ পিচত এইবিলাকৰ তদন্ত হ’ব আৰু সকলো জেলত যাব’’ । প্ৰমোদ বড়োৱে গাড়ীত বহিহে টকা খায় বুলিও অভিযোগ উত্থাপন কৰে হাগ্ৰামা মহিলাৰীয়ে ।
তেওঁ আৰু কয়, ‘‘বিপিএফ দলত যিদৰে সকলো লোকে যোগদান কৰি আছে, ইয়াৰ দ্বাৰা বুজা যায় অহা বিটিচি নিৰ্বাচনৰ পিচত বিটিচিত ইউপিপিএল দল নাথাকে । কাৰণ প্ৰমোদ বড়োয়ে যি প্ৰতিশ্ৰুতি দিছিল সেইসমূহ যোৱা ৩ বছৰে একোৱে নকৰিলে ৷ সেয়ে মানুহবোৰে এতিয়া বিপিএফত যোগদান কৰি আছে’’ ৷
সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত হাগ্ৰামা মহিলাৰীয়ে কয়, ‘‘প্ৰমোদ বড়োয়ে আজি দৰিদ্ৰসকলক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰিছে ৷ যাৰ বাবে নিজৰ মৰমৰ সন্তানক বিক্ৰী কৰিবলগীয়া হৈছে ৷ ইয়াতকৈ দুখজনক আৰু কি থাকিব পাৰে । আমাৰ শাসনৰ সময়ত এনে ধৰণৰ ঘটনা হোৱা নাছিল’’ । বিটিচি বিশেষ টেট শিক্ষক যিসকলে নিযুক্তি পোৱা নাছিল হাগ্ৰামাৰ চৰকাৰ হ’লে তেওঁলোকক চাকৰি দিব বুলিও মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ।
উল্লেখ্য যে, চিৰাঙৰ আউজাৰ দুনাবাৰী পথাৰত চিৰাং জিলা বিপিএফে আয়োজন কৰে এক বৃহৎ যোগদান কাৰ্যসূচী আৰু জনসভাৰ । ১৩ আৰু ১৪ নং চিৰাং দুৱাৰ ব্লক বিপিএফৰ এই যোগদান কাৰ্যসূচীত বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীসহ বিপিএফ দলৰ কেন্দ্ৰীয় সমিতিৰ কেবাজনো নেতা, পাৰিষদ, বিধায়ক উপস্থিত থাকে ৷ য’ত প্ৰায় পাঁচ সহশ্ৰাধিক লোক উপস্থিত থাকে । এই অনুষ্ঠানত ইউপিপিএল, বিজেপি, অবড়ো আদি দলৰ পৰা ৯৩০ লোকে বিপিএফ দলত যোগদান কৰে ।
লগতে পঢ়ক : NIT student commits suicide : NIT ত ছাত্ৰৰ আত্মহত্যা; সতীৰ্থৰ ওপৰত আৰক্ষীৰ লাঠি চাৰ্জ