ETV Bharat / state

হিমন্ত বিশ্বক প্ৰত্যাহ্বান হাগ্ৰামাৰ : ‘‘মোক জেলত দিবলৈ সাহস হ’ব নে’’ ?

author img

By

Published : Nov 19, 2020, 10:51 PM IST

বিপিএফ যদি মেকুৰি আমি সজাগ থাকিম এন্দুৰ সোমাব নিদিওঁ বিটিচিত ৷ হিমন্তক কটাক্ষ কৰি এই মন্তব্য চন্দন ব্ৰহ্মৰ ৷ হাগ্ৰামাই ক’লে হিমন্তৰ ভাগ্যই নাই মুখ্যমন্ত্ৰী হোৱা, সেয়ে বিটিচিৰ মুখ্য হোৱাৰ চিন্তা কৰিছে ৷

hagrama mahilary challanged himanta biswa sarma

চিৰাং, 19 নৱেম্বৰ : ‘‘বিটিচি অঞ্চল অসমৰ ভিতৰত অতিকৈ পিচপৰা অঞ্চল আছিল । বিটিচি গঠনৰ পিচতে বিপিএফে উন্নয়ন কৰিলে আৰু এই উন্নয়নত শংকিত হৈ বহু ৰাজনৈতিক দলে বিপিএফৰ বিৰুদ্ধে জনসাধাৰণক ভুল পথে পৰিচালিত কৰাৰ চেষ্টা কৰিছে ।’’ কাজগাঁৱত এখন নিৰ্বাচনী সভাত অংশ লৈ এই মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ কাজলগাঁৱত বিপিএফৰ নিৰ্বাচনি সভাত উপস্থিত থাকে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী আৰু মন্ত্ৰী চন্দন ব্ৰহ্ম । সভাত বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে নিজৰ ভাষণত কয় যে, বিটিচিৰ যি সমুহ দল সংগঠন আছে তেওঁলোকৰ সৈতে আলোচনা হৈছে বিপিএফৰ আৰু তাৰ পৰা বুজা গৈছে যে সকলো দল সংগঠন বিপিএফৰ লগতেই আছে । সকলো জাতি-জনগোষ্ঠীৰ সমস্যা সমুহ সমাধানৰ চেষ্টা চলোৱা হ’ব বুলিও উল্লেখ কৰে হাগ্ৰামাই ।

হিমন্ত বিশ্বক প্ৰত্যাহ্বান হাগ্ৰামাৰ

ইয়াৰ লগতে তেওঁ হাগ্ৰামাৰ টকা যদি ৰাইজৰ টকা তেন্তে হিমন্তৰ টকা কাৰ বুলি প্ৰশ্ন কৰে । হাগ্ৰামাই কয় যে, হয় মোৰ টকা ৰাইজৰ টকা সেয়ে মই ৰাইজক দিছো হিমন্তৰ টকা কিয় ৰাইজক দিব পৰা নাই ? টকা সমূহ ক’ৰ পৰা চুৰি কৰি আনি ক’ত ৰাখিছে বুলি হিমন্তক প্ৰশ্ন কৰে হাগ্ৰামাই । জাম্ভা হিমন্ত চুৰি কৰি অনা টকা ওলোৱাৰ শাহস নাই বুলিও হিমন্তক কটাক্ষ কৰে বিপিএফৰ সভাপতি গৰাকীয়ে ।

হাগ্ৰামা মহিলাৰী

লাফিকুলৰ হত্যাৰ বিষয়ে হাগ্ৰামাক টাৰ্গেট কৰি হিমন্তই হাগ্ৰামাক জেলত দিয়া প্ৰসংগত পাৰিব নে আপুনি বুলি প্ৰশ্ন কৰে । ‘‘মই যদি লাফিকুলৰ হত্যাকাৰী তেন্তে এই তিনি বছৰ কি কৰিছিল ? আপুনি মোক গ্ৰেপ্তাৰ কৰক যিহেতু এতিয়া বিজেপিৰ লগত নাই মই । আগতে বিজেপিৰ লগত থকা বুলিহে আপুনি মোক সহায় কৰিছিল গতিকে গ্ৰেপ্তাৰ কৰক এতিয়া । তাৰ মানে লাফিকুল হত্যাৰ সকলো জানে আপুনি । এইবোৰ কথাৰে বিটিচিত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা ঠিক নহয় হিমন্ত ডাঙৰীয়া । আপুনি দিছপুৰত দাদাগিৰি কৰিছে কৰক বিটিচিত চেষ্টা নকৰিব’’ ৷ এই বুলি হিমন্তক প্ৰত্যাহ্বান জনায় হাগ্ৰামাই ।

বিপিএফৰ নিৰ্বাচনী সভা
মন্ত্ৰী চন্দন ব্ৰহ্মই সভাত নিজৰ ভাষণত কয় যে বিটিচি নিৰ্বাচন কেৱল এটা পৰিষদীয় নিৰ্বাচন হৈ থকা নাই । বিধান সভা আৰু লোক সভা নিৰ্বাচনৰ ভিত্তি হৈ পৰিছে । আমি বহু সংগ্ৰামৰ অন্তত বিটিচি চুক্তি কৰিছিলো । ভাৰতত হাগ্ৰামা মহিলাৰীয়ে ইতিহাস ৰচনা কৰি সশস্ত্ৰ সংগ্ৰাম কৰি আহি বিটিচি চুক্তিৰে দেশৰ সংবিধান সংশোধন কৰি ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত হৈছিল আৰু তেতিয়াৰ পৰা এই অঞ্চলৰ সকলো জাতি-জনগোষ্ঠীক লগত লৈ বিটিচিৰ উন্নয়নৰ কামত নিয়োজিত হৈছে । হিমন্ত বিশ্ব শৰ্মাই যিমানেই তাচ্ছিল্য নকৰক কিয় বিটিচি বাসীয়ে হাগ্ৰামাক চীফ বুলি মানিবই ।

চন্দন ব্ৰহ্ম

হিমন্তৰ হৃদয় থাকিলে বুজিলেহেতেন যে সংগ্ৰামৰ অন্তত এই বিটিচি পাবলৈ সক্ষম হৈছিল । ইতিহাস নাজানিলে নহ’ব এইবোৰ কথা কিদৰে জানিব বুলিও কয় চন্দন ব্ৰহ্মই । হিমন্তৰ দৰে এজন দায়িত্বশীল মন্ত্ৰীৰ এই ধৰণৰ কথাই সমাজত বিৰূপ প্ৰভাৱ পেলায় । হিমন্তৰ যি অহংকাৰ তাক বিটিচি বাসীয়ে ঘৃণা কৰে । হিমন্তক আমিয়ো তাচ্ছিল্য কৰি মন্ত্ৰী ব্ৰহ্মই কয় যে, কয় যে আমি যদি মেকুৰী তেন্তে আপোনি নিগনি-এন্দুৰ । আমি সদায় সজাগ থাকিম আৰু বিটিচিত এন্দুৰ সোমাব নিদিও । হিমন্তই যি সমুহ ৰাষ্ট্ৰীয় আঁচনিৰ কাম কৰি দম্ভালি মাৰে সেয়া তেওঁৰ অধিকাৰ নাই যদি আমাৰ নাথাকে বুলিও কয় চন্দন ব্ৰহ্মই ৷

লগতে পঢ়ক : কাৰ হাতলৈ যাব বিটিচিৰ বাঘজৰী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.