ETV Bharat / state

গুৰুজনাৰ বন্দনাৰে মুখৰিত সমগ্ৰ ৰাজ্য - বট'দ্ৰৱাত  ধৰ্মালোচনী সভা

গুৰুজনাৰ জন্মভূমি বটদ্ৰৱাত মহাপুৰুষ গুৰুজনাৰ ৫৭১ সংখ্যক জন্মজয়ন্তী মহোৎসৱ উপলক্ষে আয়োজিত হয় ধৰ্ম আলোচনী সভা ৷ আনহাতে চিৰাঙৰ বিজনীত গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে যুৱ সমাজক ভাষা-সংস্কৃতিৰ দিশত কাম কৰাৰ আহ্বান অভিনেতা কপিল বৰাৰ ৷ ইপিনে কোকৰাঝাৰতো দুদিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ ৫৭১ সংখ্যক জন্মোৎসৱ উদযাপন ৷

গুৰুজনাৰ বন্দনাৰে মুখৰিত সমগ্ৰ ৰাজ্য
author img

By

Published : Oct 10, 2019, 5:34 AM IST

বটদ্ৰৱা,9 অক্টোবৰ : বট'দ্ৰৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭১সংখ্যক জন্মজয়ন্তী উপলক্ষে ধৰ্মালোচনী সভা । সমগ্ৰ ৰাজ্যৰ লগতে গুৰুজনাৰ জন্মভূমি বটদ্ৰৱা থানতো তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে গুৰুজনাৰ জন্ম জয়ন্তী উৎসৱ । বুধবাৰে বিয়লি বটদ্ৰৱা থানত অনুষ্ঠিত হয় ধৰ্মালোচনী সভা । এই ধৰ্মালোচনী সভা খনত গুৰুজনাৰ সৃষ্টি আৰু কৃষ্টি ৰাজিৰ ওপৰত বিশেষভাৱে আলোকপাত কৰা হয় । শংকৰদেৱ কলাক্ষেত্রৰ সচিব সুদৰ্শন ঠাকুৰে ভাষণ প্ৰসংগত কয় "গুৰুজনাৰ প্ৰতি আমি সমৰ্পিত হ'ব লাগিব । আমি অপ্রাসংগিক হ'ব পাৰো কিন্তু গুৰুজনাৰ সৃষ্টিৰাজি যুগ যুগান্তৰ ধৰি প্ৰাসংগিক হৈ থাকিব ।" এই ধৰ্মালোচনী সভাত বিশিষ্ট শংকৰী সংস্কৃতিৰ সাধক প্ৰভাত কুমাৰ দাস উপস্থিত থাকি গুৰুজনাৰ ওপৰত তত্ত্ব গধুৰ ভাষণ প্রদান কৰে । এই ধৰ্মালোচনী সভাত পৌৰহিত্য কৰে থানৰ সত্ৰাধিকাৰৰ দেৱানন্দ দেৱ গোস্বামী দেৱে ।

বট'দ্ৰৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭১সংখ্যক জন্মজয়ন্তী উপলক্ষে ধৰ্মালোচনী সভা
আনহাতে চিৰাং জিলাৰ বিজনী শাখা সত্ৰত কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে জগৎগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱ ৷ কাৰ্যসূচীৰে দ্বিতীয় দিনা বুধবাৰে সত্ৰ প্ৰাংগণত পুৱা নাম প্ৰসংগ, ভাগৱত পাঠ আৰু যুৱ সমাৰোহ অনুষ্ঠিত হয় ৷ অতিৰিক্ত উপায়ুক্ত তথা বিজনীৰ মহকুমাধিপতি দিঠকানন্দ হাজৰিকাই মুকলি কৰা যুৱ সমাৰোহত বৰগীত পৰিৱেশন, সত্ৰীয়া নৃত্য প্ৰদৰ্শন অনুষ্ঠিত হয় ৷ যুৱ সমাৰোহ উদ্বোধন কৰি দিয়া ভাষণত মহকুমাধিপতি দিঠকানন্দ হাজৰিকাই মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ আধ্যাত্মিক আদৰ্শ নতুন প্ৰজন্মৰ মাজত প্ৰসাৰত গুৰুত্ব আৰোপ কৰে ৷ অনুষ্ঠানত অভিনেত্ৰী দেৱযানী গায়ন উপস্থিত থাকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মানৱ জাতিৰ বাবে দি যোৱা সংস্কাৰ, ধৰ্মৰ মাহাত্ম্য প্ৰকাশ কৰি উপস্থিত সকলোকে সংস্কাৰমুখী হ'বলৈ আহ্বান জনায় ৷ যুৱ সমাৰোহত অংশ লৈ বিজনী সত্ৰৰ পৰিৱেশ দেখি অভিভূত হোৱা অভিনেতা কপিল বৰাই জগৎ গুৰুজনালৈ প্ৰণিপাত জনাই কয়, মহাপুৰুষ জনাই সমাজৰ বান্ধোনত সৃষ্টি কৰা প্ৰয়াস অমূল্য ৷ তেওঁ সম্প্ৰতি আমাৰ ভাষা, সংস্কৃতি ৰক্ষাত সংস্কৃতিপ্ৰেমী যুৱ সমাজৰ প্ৰয়োজন আহি পৰিছে বুলি উল্লেখ কৰে ৷ একেদৰে ভাষা- সংস্কৃতি কোন দিশে ধাৱিত হৈছে এই বিষয় সমূহতো যুৱ প্ৰজন্মক আগুৱাই আহি বিষয়বস্তুৰ ওপৰত আত্মনিয়োগ কৰিব লাগিব বুলি মত পোষণ কৰে ৷
চিৰাং জিলাৰ বিজনী শাখা সত্ৰত জগৎগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱ উদযাপন
ইফালে কোকৰাঝাৰতো শ্ৰীমন্ত শংকৰদেৱৰ ৫৭১ সংখ্যক জন্মোৎসৱ উদযাপন । কোকৰাঝাৰ শংকৰদেৱ নামঘৰ সমিতিয়ে শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ দুদিনীয়া কাৰ্যসূচীৰে পালন কৰে । 8 আৰু 9 তাৰিখে আয়োজন কৰা এই জন্মোৎসৱৰ কাৰ্যসূচীত আছিল ভকত-বৈষ্ণৱ সকলৰ সমূহীয়া নাম প্ৰসংগ, বীৰ নাম প্ৰদৰ্শন ঘৰে ঘৰে বন্তি প্ৰজ্বলন ইত্যাদি । লগতে গুৰুজনাৰ জন্মজয়ন্তী উপলক্ষে "মুৰুলী" নামৰ এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰে ৷
কোকৰাঝাৰতো দুদিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ ৫৭১ সংখ্যক জন্মোৎসৱ উদযাপন

Intro:গুৰুজনাৰ জন্মভূমি বটদ্ৰৱাত মহাপুৰুষ গুৰুজনাৰ ৫৭১ সংখ্যক জন্মজয়ন্তী মহোৎসৱ উপলক্ষে ধৰ্ম আলোচনী সভা৷
Body:বটদ্ৰৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭১সংখ্যক জন্মজয়ন্তী উপলক্ষে ধৰ্মালোচনী সভা । সমগ্ৰ ৰাজ্যৰ লগতে গুৰুজনাৰ জন্মভূমি বটদ্ৰৱা থানতো তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে গুৰুজনাৰ জন্ম জয়ন্তী উৎসৱ । বুধবাৰে বিয়লি বটদ্ৰৱা থানত অনুষ্ঠিত হয় ধৰ্মালোচনী সভা । এই ধৰ্মালোচনী সভা খনত গুৰুজনাৰ সৃষ্টি আৰু কৃষ্টি ৰাজিৰ ওপৰত বিশেষ ভাৱে আলোকপাত কৰা হয় । শংকৰদেৱ কলাক্ষেত্রৰ সচিব সুদৰ্শন ঠাকুৰে ভাষন প্ৰসংগত কয় যে গুৰুজনাৰ প্ৰতি আমি সমৰ্পিত হব লাগিব । আমি অপ্রাসংগিক হব পাৰো কিন্তু গুৰুজনাৰ সৃষ্টিৰাজি যুগ যুগান্তৰ ধৰি প্ৰাসংগিক হৈ থাকিব । এই ধৰ্মালোচনী সভাত বিশিষ্ট শংকৰী সংস্কৃতিৰ সাধক প্ৰভাত কুমাৰ দাস উপস্থিত থাকি গুৰুজনাৰ ওপৰত তত্ত্ব গধুৰ ভাষণ প্রদান কৰে । এই ধৰ্মালোচনী সভাত পৌৰহিত্য কৰে থানৰ সত্ৰাধিকাৰৰ দেৱানন্দ দেৱ গোস্বামী দেৱে ।____________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.