ETV Bharat / state

অনুজ্ঞাপত্ৰ অবিহনে চিকিৎসা ভুৱা চিকিৎসকৰ

author img

By

Published : May 24, 2021, 9:59 PM IST

অনুজ্ঞাপত্ৰ অবিহনে চিকিৎসা ৷ অবৈধভাবে গৰ্ভপাত কৰি বিপদৰ মুখলৈ থেলিলে গৰ্ভৱতী মহিলাক ৷ ভুৱা চিকিৎসক গৰাকীৰ নাম মিনুৱাৰা খাতুন ৷ পাণবাৰী থানাত 66/21 নম্বৰত ৰুজু হৈছে গোচৰ ৷

fraud-doctor-in-chirang-without-licence
অনুজ্ঞাপত্ৰ অবিহনে চিকিৎসা ভুৱা চিকিৎসকৰ

চিৰাং, 24 মে': অনুজ্ঞাপত্ৰ অবিহনে ঘৰতেই অবৈধভাৱে গৰ্ভপাত কৰি গৰ্ভৱতী মহিলাক বিপদৰ মুখলৈ থেলি দিছে মিনুৱাৰা খাতুন নামৰ এগৰাকী ভুৱা চিকিৎসকে । এই অভিযোগ চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত ৩ নং গৰাইমাৰীৰ হাৱা খাতুন নামৰ এগৰাকী মহিলাৰ ।

অভিযোগ অনুসৰি ১ নং মোনাকোচাৰ মিনুৱাৰা খাতুন নামৰ মহিলা গৰাকীয়ে তেওঁৰ নিজ বাসগৃহতে কিছু ধনৰ বিনিময়ত বিগত মাহৰ ১৪ এপ্ৰিল তাৰিখে ৩ নং গৰাইমাৰী নিবাসী কালাম শ্বেখৰ পত্নী হাৱা খাতুনৰ(৪০)এমাহ আঠ দিনীয়া গৰ্ভস্থ সন্তানৰ গৰ্ভপাত কৰায় ।

কিন্তু ভুৱা এম বি বি এছ খ্যাত অনভিজ্ঞ মিনুৱাৰা বেগমে মহিলা গৰাকীৰ গৰ্ভপাত কৰোৱাৰ পিছত অত্যধিক ৰক্তক্ষৰণ হ’বলৈ ধৰাৰ লগতে ক্ৰমাৎ অসুস্থ হ’বলৈ ধৰে ভুক্তভূগী মহিলাগৰাকী । ফলত মাণিকপুৰ, বৰপেটা আদিৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি একো সুফল নোপোৱাত অৱশেষত গুৱাহাটীৰ মেট্ৰ’ হাস্পতালত গৈ চাৰিটাকৈ অস্ত্ৰোপচাৰ কৰি কিছু আৰোগ্য লাভ কৰি ঘৰলৈ আহে মহিলা গৰাকী ।

পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে ভুৱা চিকিৎসক মিনুৱাৰা খাতুনৰ স্বামী তথা পালেংবাৰীৰ এখন ফাৰ্মাচিৰ গৰাকী ইলিয়াছ শ্বেখৰ লগত যোগাযোগ কৰাত কেইটামান চেলাইন, ভিটামিন আৰু ২০ হাজাৰ টকাহে ক্ষতিপূৰণ দিব বিচৰা বুলি ভুক্তভূগী মহিলা গৰাকীৰ স্বামী কালাম শ্বেখে জানিব দিয়ে ।

কিন্তু ভুৱা চিকিৎসক মিনুৱাৰা খাতুনৰ ভুল কৰ্মৰ বাবে চিকিৎসাৰ নামত দুখীয়া পৰিয়ালটোৱে লক্ষাধিক টকা খৰচ কৰাৰ পিছত অতি নিম্নতম ক্ষতিপূৰণ দিব বিচৰা কাৰ্যত ক্ষোভিত হৈ মহিলা গৰাকীৰ ওপৰত এজাহাৰ দাখিল কৰাৰ উপৰিও সহায় বিচাৰি সংবাদ মাধ্যমৰ ওচৰ চাপিছে দুৰ্ভগীয়া পৰিয়ালটো ।

পৰিয়ালটোৰ দাবী উপযুক্ত শাস্তি পাব লাগে ভুৱা চিকিৎসক মিনুৱাৰাৰ লগতে স্বামী ইলিয়াছ শ্বেখ । এইক্ষেত্ৰত মিনুৱাৰা খাতুনৰ ওপৰত পাণবাৰী থানাত 66/21 নম্বৰত গোচৰ ৰুজু হৈছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : ৰংমলা গাঁৱৰ বানত সৰ্বহাৰা হোৱা পৰিয়ালৰ কাষত চাবুৱা আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.