ETV Bharat / state

Man Elephant conflict: মানাহত বন্যহস্তী প্ৰতিৰোধৰ বাবে সৌৰশক্তি চালিত ফেন্সিঙৰ আধাৰশিলা - বনৰীয়া হাতী প্ৰতিৰোধ

চিৰাঙৰ বিজনী পাণবাৰী মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বনছোম বাগানত বনৰীয়া হাতী প্ৰতিৰোধৰ বাবে সৌৰশক্তি চালিত ফেন্সিঙৰ আধাৰশিলা স্থাপন কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসমুতাৰীয়ে (Foundation stone laid for solar powered fencing)৷

Foundation stone laid for solar powered fencing to prevent wild elephants
Man Elephant conflict: মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বন্যহস্তী প্ৰতিৰোধৰ বাবে সৌৰশক্তি চালিত ফেন্সিঙৰ আধাৰশিলা স্থাপন
author img

By

Published : Oct 25, 2022, 7:29 PM IST

চিৰাং, 25 অক্টোবৰ: "হাতী-মানুহৰ সংঘাতৰ সমস্যাটো এদিনীয়া সমস্যা নহয় ৷ এইটো 17 বছৰৰ আমাৰ আগৰ বছৰৰ যি সময় সেই সময়তো এই সমস্যাটো আছিল ৷ বিগত সময়ত হোৱা বড়ো আন্দোলনৰ সুযোগ লৈ ব্যাপক বনাঞ্চল ধ্বংস হৈছিল ৷ তাৰে সুযোগ লৈ পূৰ্বৰ চৰকাৰে নিজেই বন ধ্বংসত জড়িত হৈ আছিলে, যাৰ ফলত আজিৰ সময়ত হাতীৰ সমস্যা বেছি হৈ আহিছে ৷" চিৰাঙৰ বিজনী পাণবাৰী মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বনছোম বাগানত বনৰীয়া হাতী প্ৰতিৰোধৰ বাবে সৌৰশক্তি চালিত ফেন্সিঙৰ আধাৰশিলা স্থাপন কৰি বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসমুতাৰীয়ে (BTR Executive Member Ranjit Basumatary)এই মন্তব্য প্ৰকাশ কৰে (Foundation stone laid for solar powered fencing)৷

Man Elephant conflict: মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বন্যহস্তী প্ৰতিৰোধৰ বাবে সৌৰশক্তি চালিত ফেন্সিঙৰ আধাৰশিলা স্থাপন

লগতে তেঁও কয় যে বিটিচিক লৈ বিটিচিৰ নামত ৰাজনীতিৰ বাহিৰে একোৱেই কৰা নাছিল বিপিএফ দলে। উন্নয়নৰ কোনো চিন চাব নাছিল, যাতায়তৰ সু-ব্যৱস্থা কৰা নাছিল যাতায়তৰ বাবে অলপ কাম কৰিছিল যদিও ২০-৩০ শতাংশ কাম কৰি দায়িত্ব সামৰিছিল ৷ বিগত ১৭ বছৰৰ বিপিএফ দলৰ ৰাজত্ব কালত ৩ হাজাৰ কোটি টকাৰ GD আমি কান্ধত ল'ব লগা হৈছে ৷ আমাৰ চৰকাৰে এইবাৰ প্ৰস্তাৱ লৈছোঁ হাতীৰ বেছি সমস্যা হোৱা ঠাই চিনাক্ত কৰি হাতী প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷ ইয়াৰ ভিতৰত চিৰাং জিলাত ৩০ কিলোমিটাৰ দিয়া হৈছে (Solar powered fencing in Chirang) ৷

মানাহৰ লগত দাঁতি-কাষৰীয়া ২০ কিলোমিটাৰ ঠাইত সৌৰশক্তি চালিত ফেন্সিঙৰ স্থাপন কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷ এই আধাৰশিলা স্থাপন কাৰ্যসূচীত কাৰ্যবাহী সদস্য ধনঞ্জয় বসমুতাৰীয়েও উপস্থিত থাকে (Solar powered fencing to prevent wild elephants) ৷

উল্লেখ্য যে ৰাজ্যত প্ৰতিদিনেই হাতী-মানুহৰ সংঘাতৰ খবৰে বাতৰিৰ শিৰোনাম দখল কৰিছে ৷ কেৱল চিৰাং জিলা বুলিয়েই নহয় ৰাজ্যৰ ভিন্ন প্ৰান্তত বন্যহস্তীৰ তাণ্ডৱে টোপনি হৰিছে সাধাৰণ লোকৰ ৷ খাদ্যৰ অভাৱত জাকে জাকে বন্যহস্তীয়ে বনাঞ্চলৰ পৰা ওলাই জনাঞ্চলত খেতি পথাৰ নষ্ট কৰাৰ লগতে খাদ্য বিচাৰি লোকৰ ভঁৰাল, ঘৰ-দুৱাৰ ভাঙি ছিঙি লণ্ড-ভণ্ড কৰি অহা ঘটনা বৰ্তমানৰ সময়ত চিৰ পৰিচিত ৷

আনকি এই হাতী মানুহৰ সংঘাতত বহু লোক আহত হোৱাৰ লগতে মৃত্যু হোৱাৰ বহু খবৰ প্ৰকাশ হৈ আহিছে ৷ এই সন্দৰ্ভত ভুক্তভোগীসকলে বন বিভাগৰ লগতে চৰকাৰক পদক্ষেপ লবলৈ দাবী কৰি আহিছে যদিও কোনো ভ্ৰূক্ষেপ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই ৷ এতিয়া শেহতীয়াকৈ চিৰাং জিলাত লোৱা এই পদক্ষেপে হাতী-মানুহৰ সংঘাত হোৱা অঞ্চলসমূহত কিছু পৰিমানে সকাহ দিব বুলি অশা কৰা হৈছে ৷

লগতে পঢ়ক: Miya Museum controversy : মিঞা মিউজিয়ামক লৈ সৰব মুখ্যমন্ত্ৰী ড৹ শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.