ETV Bharat / state

3 বছৰে কৰা উন্নয়নমূলক কামৰ হিচাপ দিব প্ৰমোদ বড়ো চৰকাৰে - district health department in Chirang

15 ডিচেম্বৰত তিনি বছৰ সম্পূৰ্ণ কৰিব প্ৰমোদ বড়ো নেতৃত্বাধীন বি টি আৰ চৰকাৰে ৷ তিনি বছৰে বি টি আৰবাসীৰ বাবে কি কি উন্নয়নমূলক কাম কৰিলে চৰকাৰে তাৰ খতিয়ান দিব বড়ো চৰকাৰে ৷

Foundation stone laid for office of joint director of district
3 বছৰে কৰা উন্নয়নমূলক কামৰ হিচাপ দিব প্ৰমোদ বড়ো চৰকাৰে
author img

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 11:14 AM IST

3 বছৰে কৰা উন্নয়নমূলক কামৰ হিচাপ দিব প্ৰমোদ বড়ো চৰকাৰে

চিৰাং, 13 ডিচেম্বৰ : মঙলবাৰে চিৰাং জিলা সদৰ কাজলগাঁৱত 3.9 কোটি টকা ব্যায় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ৷

আধাৰশিলা স্থাপন কৰি বি টি চি প্ৰধান বড়োৱে কয়, ‘‘বিগত সময়ত বি পি এফ চৰকাৰে নকৰা কামবোৰ আমি কৰিছো ৷ ইতিমধ্যে স্বাস্থ্য আৰু শিক্ষা বিভাগত যথেষ্ট উন্নতি হৈছে ৷ অন্যান্য বিভাগসমূহতো যথেষ্ট উন্নতি হৈছে ৷ আমি ক্ষমতাৰ বাবে অহা নাছিলো ৷ আমি কাম কৰিবলৈ আহিছো ৷ আমাৰ কাম কৰিবলগীয়া আৰু বহুতো আছে ৷’’

তেওঁ লগতে কয়, ‘‘17 বছৰত তেওঁলোকে 37 হাজাৰ চৰকাৰী ঘৰ নিৰ্মাণ কৰিছিল ৷ কিন্তু 3 বছৰত আমি 1 লাখ ঘৰ নিৰ্মাণ কৰিছো ৷ এনে কিছু পূৰ্বৰ আৰু বৰ্তমানৰ তথ্য লৈ 21 ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া এক সভাত মুখ্যমন্ত্ৰীৰ উপস্থিতিত বৰ্তমানৰ বি টি আৰ প্ৰশাসনৰ উন্নয়নমূলক কামৰ তথ্য প্ৰকাশ কৰা হ’ব ৷’’

ইফালে, উক্ত অনুষ্ঠানত উপস্থিত থাকি বি টি আৰৰ স্বাস্থ্য বিভাগৰ ই এম অৰূপ দে’ই কয়, ‘‘ যদিও সাংবাদিকসকলে একপক্ষীয়ভাৱে আমাক সমালোচনা কৰি গৈছে তথাপিও আমি যথেষ্ট উন্নয়নমূলক কাম কৰি গৈছো ৷ গতিকে সাংবাদিকসকলে এনেদৰে বিয়োগাত্মক বাতৰি কৰিলে আমাৰ মন ভাঙি যায় ৷’’

উল্লেখ্য যে, হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন চৰকাৰক শাসনৰ পৰা ওফৰাই বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে 2020 চনৰ 15 ডিচেম্বৰত শপত গ্ৰহণ কৰিছিল প্ৰমোদ বড়োৱে ৷ কেইদিনমানৰ পাচতে তিনি বছৰ সম্পূৰ্ণ কৰিব প্ৰমোদ বড়ো নেতৃত্বাধীন বি টি আৰ চৰকাৰে ৷

লগতে পঢ়ক : লক্ষ্য লোকসভা নিৰ্বাচন: চিৰাঙত বিপিএফৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.