ডিব্ৰুগড় : চৰাইদেউ জিলাৰ সোণাৰিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । আজি পুৱতি নিশাই ঘটিল ঘটনাটো । লগে লগে সকলোৰে মনত এটা প্ৰশ্নই গা কৰি উঠিলে- কি কৰাণে সংঘটিত হ'ল এই ঘটনাটো ? সকলো ঠিকমতে চলি থকাৰ মাজতেই কিয় এনে কাৰ্য সংঘটিত কৰিলে এজন আৰক্ষী কনিষ্টবল ?
সোণাৰি থানাত আৰক্ষী কনিষ্টবল এজনে জীৱনৰ চৰম সিদ্ধান্ত লোৱাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য । নিজ কৰ্তব্য় সম্পাদন কৰাৰ মাজতেই সোণাৰিৰ পাৰ্বতীপুৰৰ ভাড়াঘৰত আজি পুৱতি নিশা পৃথিৱী পাণ্ডৱ নামৰ কনিষ্টবলজনে বাচি ল'লে চৰম পথ । কি কাৰণে তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিলে তাক লৈ এতিয়া চলিছে চৰ্চা ।
পৃথিৱী পাণ্ডৱ (২৬)ৰ ঘৰ শিৱসাগৰ জিলাৰ ডিমৌত । ২০১৮ চনত আৰক্ষীত যোগদান কৰা পৃথিৱী পাণ্ডৱে সোণাৰিৰ পাৰ্বতীপুৰৰ ভাৰাঘৰত পত্নী, কণমানি সন্তান আৰু শাহুৰ সৈতে আছিল । নিশা চৰাইদেউ মৈদাম ক্ষেত্ৰত অনুষ্ঠিত হৈ থকা চৰাইদেউ মহোৎসৱত নিজৰ দায়িত্ব পালন কৰি আহি নিজৰ ঘৰৰ ভিতৰতে কনিষ্টবলজনে এই কাৰ্য সংঘটিত কৰিলে । ৰাজ্যিক হেণ্ডবল খেলুৱৈ পৃথিৱী পাণ্ডৱৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতে ডিমৌৰ নিজ পিতৃ গৃহত শোকাকুল পৰিৱেশ সৃষ্টি হৈছে ।
এই ঘটনাটোৰ পাছতে মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে । ইতিমধ্যে সোণাৰিত পৃথিৱীৰ পৰিয়ালৰ লোক উপস্থিত হৈ ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে । দীৰ্ঘদিনৰ পৰা চলি থকা পাৰিবাৰিক কন্দলৰ বাবেই এই ঘটনা সংঘটিত হৈছে বুলি জানিবলৈ দিয়ে কনিষ্টবলজনৰৰ পৰিয়ালৰ লোকে ।
- ঘটনাৰ উচিত তদন্তৰ দাবী :
সোণাৰিৰ পাৰ্বতীপুৰৰ ভাৰাঘৰত আৰক্ষী কনিষ্টবলজনে চৰম সিদ্ধান্ত গ্ৰহণ কৰা বিষয়টো পৰিয়ালৰ লোকে সহজভাৱে ল'ব পৰা নাই । নিজৰ দায়িত্ব পালন কৰি কি কাৰণত এজন ৰাজ্যিক হেণ্ডবল খেলুৱৈয়ে এনে পথ বাচি ল'ব লগা হ'ল সেই বিষয়ে আৰক্ষীৰ নিৰপেক্ষ তদন্তৰ দাবী জনাইছে ঘটনাস্থলীত উপস্থিত হোৱা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়াই।
(যদি আপোনাৰ মনলৈ জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ ।)