চিৰাং,21 জুলাই: সোমবাৰে নিশাৰ ভাগত বান পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে চিৰাঙত উপস্থিত হৈছেহি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ সেইসূত্ৰে জিলাখনৰ দুই পৃথক স্থানৰ বান আৰু খহনীয়া পৰিস্থিতি পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷ চিৰাঙৰ ঢালিগাঁৱস্থিত বঙাইগাঁও শোধনাগাৰৰ উপ-নগৰী অতিথিশালাত নিশা কটোৱাৰ পিছত মঙলবাৰে দিনৰ ভাগত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্মৰ সৈতে মুখ্যমন্ত্ৰী সোণোৱাল উপস্থিত হয় হাগ্ৰামা দলঙৰ উত্তৰফালে থকা পলাংশুগুৰীৰ আই নদীৰ পাৰত ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে আই নদীৰ গৰাখহনীয়াই ভাবুকি সৃষ্টি কৰা অঞ্চলসমূহ পৰিভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয় ৷
মন্ত্ৰী তিনিগৰাকীৰ পৰিভ্ৰমণৰ সময়তে জলসম্পদ মন্ত্ৰী মহন্তই বান আৰু খহনীয়াৰ স্থায়ী সমাধানৰ কথা উল্লেখ কৰি উক্ত অঞ্চলত অবৈধভাৱে থকা মহলৰ বাবে এই সমস্যা সৃষ্টি হোৱা বুলি ব্যক্ত কৰে ৷ লগতে পৰৱৰ্তী সময়ত মন্ত্ৰীগৰাকীয়ে নদীৰ পাৰত অবৈধ কোনো মহল বা কোৱাৰী গঠন নহ’বলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণৰ প্ৰতি আশ্বাস প্ৰদান কৰে ৷ তাৰপিছত পোনে পোনে মুখ্যমন্ত্ৰীগৰাকী বিজনীৰ নোৱাপাৰাৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ যাত্ৰা কৰে ।
![flood situation visited by CM sarbananda Sonowal chirang assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8111121_img.jpg)
ইফালে মুখ্যমন্ত্ৰীৰ চিৰাং ভ্ৰমণৰ খবৰ লাভ কৰি একে সময়তে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আৰু এবিএমছুৰ নেতৃবৰ্গই অবৈধ মহলৰ বাবে সৃষ্টি হোৱা গৰাখহনীয়া ৰোধৰ লগতে বন্যাৰ্তক উপযুক্ত সাহায্য প্ৰদানৰ বাবে দাবী উত্থাপন কৰে ৷
উল্লেখ্য যে,সোমবাৰে পশ্চিম নলবাৰীৰ পখুৰাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুঢ়াদিয়া নদীৰ ভগ্ন মথাউৰি পৰিদৰ্শন কৰিছিল ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে পানী কমিলেই অঞ্চলটোৰ ভগ্ন মথাউৰি নিৰ্মাণৰ আশ্বাস দিয়ে গাঁওবাসীক । জলসম্পদ মন্ত্ৰী কেশৱ মহন্তক লগত লৈ পখুৰা মানৱজ্যোতি এম ই বিদ্যালয়ৰ পৰা প্ৰায় এক কিল’মিটাৰ খোজকাঢ়ি গৈ বুঢ়াদিয়া নদীৰ ভগ্ন মথাউৰি পৰিদৰ্শন কৰে সোণোৱালে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে বিগত কিছুদিনৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বান পৰিস্থিতি পৰিদৰ্শন কৰি বানাক্ৰান্তৰ অৱস্থাৰ বুজ লোৱা পৰিলক্ষিত হৈছে ৷
লগতে চাওকঃ মহৰ দ্বাৰা সংক্ৰমিত নহয় COVID-19 ৰোগ