ETV Bharat / state

চিৰাঙত আই নৈৰ তাণ্ডৱ: বাঢ়নী পানীয়ে উটুৱাই নিলে মথাউৰি

চিৰাঙত আই নৈৰ বাঢ়নী পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ মাদাৰপুৰ গাঁৱৰ মূল মথাউৰিটো খহাই নিয়াত ভয়ংকৰ দুৰ্যোগৰ আশংকাত ভুগিছে প্ৰায় 15 খন গাঁৱৰ লোকে ৷

author img

By

Published : Jun 10, 2021, 9:33 AM IST

erosion
চিৰাঙত আই নৈৰ তাণ্ডৱ

চিৰাং,10 জুন : চিৰাঙত আই নৈৰ বাঢ়নী পানীৰ বাবে ভয়ংকৰ বাবে খহনীয়া হ'বলৈ আৰম্ভ কৰিছে ৷ আই নৈৰ বাঢ়নী পানীয়ে মাদাৰপুৰ গাঁৱৰ মূল মথাউৰিটোৱে শেহতীয়াকৈ খহাই নিয়ে ৷ যোৱা বছৰো নৈখনৰ বাঢ়নী পানী আৰু খহনীয়াই মাদাৰপুৰ গাঁৱৰ বিস্তৰ ক্ষতিসাধন কৰাৰ পাচত চৰকাৰে এনৰেগা আঁচনিৰ অধীনত মথাউৰি বান্ধি বান প্ৰতিৰোধৰ চেষ্টা চলাইছিল ৷ এইবাৰ পুনৰ মথাউৰিটো খহাই লৈ যোৱাৰ ফলত প্ৰবল দুৰ্যোগৰ শংকাত দিন কটাইছে মাদাৰপুৰ গাঁৱকে আদি কৰি প্ৰায় ১৫ খন গাঁৱৰ লোকে ।

চিৰাঙত আই নৈৰ তাণ্ডৱ

একেদৰে বাঢ়নী পানীয়ে খহাই নিয়ে জিলাখনৰ দহলাপাৰা গড়কাপ্তানী পথৰ এটা অংশ । এই পথচোৱা যদি সম্পূৰ্ণৰূপে বাঢ়নী পানীয়ে খহাই নিয়ে তেন্তে স্তব্ধ হৈ পৰিব অঞ্চলটোৰ যাতায়াত ব্যৱস্থা ৷ এইটোৱে দহলাপাৰা অঞ্চলবাসীৰ বাবে একমাত্ৰ যোগাযোগৰ পথ ৷ গতিকে অতি সোনকালে পথচোৱা মেৰামতি কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে স্থানীয় লোকে ৷

erosion
চিৰাঙত আই নৈৰ তাণ্ডৱ

লগতে পঢ়ক: লোক নিৰ্মাণ বিভাগৰ পথে জ্বলা-কলা খুৱাইছে ৰূপহীহাটবাসীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.