চিৰাং,4 আগষ্ট: চিৰাং জিলাত প্ৰাণ হেৰুৱাইছে প্ৰথমগৰাকী কোভিড 19 ত আক্ৰান্ত ৰোগীয়ে ৷ জিলাখনত চিকিৎসাধীন হৈ থকা মুঠ 89 গৰাকী ৰোগীৰ ভিতৰত সোমবাৰে মৃত্যু ঘটে এগৰাকী ৰোগীৰ ৷ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জনোৱা অনুসৰি, চিৰাঙৰ বেঙতলৰ সমীপৱৰ্তী 1নং টুক্ৰাঝাৰৰ 51 বছৰীয়া প্ৰমোদ নাৰ্জাৰী নামৰ ব্যক্তিগৰাকীয়ে কৰ’ণাত আক্ৰান্ত হৈ মৃত্য়ুক আঁকোৱালি লয় ৷ সোমবাৰে বিয়লিৰ ভাগত ব্যক্তিগৰাকীৰ মৃত্যু ঘটে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷
বিগত ২ আগষ্টত ৰেপিড এণ্টিজেন পৰীক্ষাৰ জৰিয়তে নাৰ্জাৰীৰ দেহত ধৰা পৰিছিল কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ এই খবৰ লাভ কৰা মাত্ৰকে স্বাস্থ্য বিভাগে আক্ৰান্ত ব্যক্তিগৰাকীক কাজলগাঁওস্থিত জেএছবি চিকিৎসালয়ত ভৰ্তি কৰে ৷ পূৰ্বে মধুমেহ ৰোগত আক্ৰান্ত নাৰ্জাৰীৰ সোমবাৰে স্বাস্থ্যৰ অধিক অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে দিনৰ ভাগত কাজলগাঁৱৰ পৰা বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ উল্লেখ্য যে, কোভিড ১৯ ত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা প্ৰমোদ নাৰ্জাৰীয়ে হৈছে চিৰাং জিলাৰ প্ৰথমগৰাকী ৰোগী ৷ ইতিমধ্যে ৰাজ্যত কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে 45,275 গৰাকী লোক ৷ লগতে 33,428 গৰাকীয়ে সুস্থ হৈ ঘৰমূৱা হোৱাৰ বিপৰীতে মৃত্যুবৰণ কৰিছে 109 গৰাকী লোকে ৷
লগতে চাওকঃ সৰ্বভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ পাঁচগৰাকীৰ স্থান লাভ