চিৰাং, 30 অক্টোবৰ: 19 বছৰত ভৰি দিলে চিৰাং জিলাই ৷ অসম চৰকাৰৰ নিৰ্দেশনা অনুসৰি দেওবাৰে চিৰাং জিলাৰ কাজলগাঁৱত প্ৰথমটো চিৰাং জিলা দিৱস উদযাপন কৰা হয় (Chirang District day celebration)৷ দিনজোৰা কাৰ্যসুচীৰে পুৱাতে প্ৰভাত ফেৰী আৰু চাফাই অভিযানেৰে শুভাৰম্ভ কৰা হয় এই বিশেষ দিনটোৰ (First Chirang district day celebrated)৷
জিলা সদৰ তথা উপায়ুক্ত কাৰ্য্যালয়ত ছাফাই অভিযানেৰে কাৰ্যসুচীৰ অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুচাহাৰীয়ে এই বিশেষ দিনটোৰ আৰম্ভনি কৰে ৷ কাজলগাঁও পৌৰসভা আৰু কাজলগাঁও উপেন্দ্ৰনাথ ব্ৰহ্ম কলেজৰ উদ্যোগত এই ছাফাই অভিযান চলায় জিলা প্ৰশাসনে ৷ ২০০৩ চনৰ জুন মাহত চিৰাং জিলা গঠন হৈছিল যদিও জিলা উপায়ুক্তই দায়িত্বভাৰ লৈছিল ২০০৩ চনৰ ৩০ অক্টোবৰ তাৰিখেহে৷
চিৰাং জিলা দিৱস উপলক্ষে চিৰাঙৰ দাদগিৰি স্থিত ভূটানৰ গেলেফু গেটত ভূটানৰে শুভেচ্ছাৰ লগতে মিঠাই আদান প্ৰদান কৰে চিৰাং জিলা প্ৰশাসনে (Sweet distribution to Bhutan)৷ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে সমদল কৰি আহি বেংতল ৰাজহ চক্ৰ বিষয়া, চিৰাং জিলা বন সংমণ্ডল বিষয়া, এচএচবিৰ বিষয়া সকলে ভূটানৰ গেলেফু চেপ্টাৰ ইণ্ডো-ভূটান ফ্ৰেইণ্ডশ্বিপ এচোচিয়েশনৰ(বিফা) সভাপতি দাৱা পেঞ্জু লগতে ভূটান সেনা-আৰক্ষীৰ মাজত মিঠাই বিতৰণ কৰে ৷
জিলাখনৰ সদৰ কাজলগাঁও পেৰেড গ্ৰাউণ্ডত বিভিন্ন বিভাগৰ প্ৰদৰ্শনী, মুকলি সভা আদি অনুষ্ঠিত হয়৷ পৰৱৰ্তী কাৰ্যসুচীক্ৰমে চাফাই অভিযান আৰু জিলাখনৰ ৩০ ঠাইত ছাত্ৰ-ছাত্ৰী,আৰক্ষী, জনসাধাৰণে সমদল, বাইক ৰেলী, ছাইকেল ৰেলী আদি অনুষ্ঠিত হয় ৷
ইয়াৰ পিচতে বিভিন্ন ধৰণৰ ক্ৰীড়া অনুষ্ঠিত হয় ৷ শেষত জিলা পেৰেড গ্ৰাউণ্ডত ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী, চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰী, জিলা উপায়ুক্ত পি বিজয় ভাষ্কৰ ৰেড্ডী, জিলা আৰক্ষী অধীক্ষক প্ৰাঞ্জিত বৰা, বিটিআৰৰ উপাধ্যক্ষ অবিৰাম মহানায়ক সহ চিৰাং জিলাৰ কেবাজনো পাৰিষদ, প্ৰাক্তন বিধায়ক, সহ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসহ জিলাবাসী উপস্থিত থাকে৷ যত জিলাখনৰ জন্ম বৃত্তান্তৰ পৰা আৰম্ভ কৰি উন্নয়ণ আদি সাঙুৰি বিভিন্ন জনে ভাষণ প্ৰদান কৰে।
লগতে পঢ়ক: 89th Raas Celebration: নলবাৰীত ৰাস মহোৎসৱ উপভোগ কৰিব বলীউড অভিনেত্ৰী হেমা মালিনীয়ে