ETV Bharat / state

এটা বিড়ি প্ৰতিষ্ঠানৰ বিৰুদ্ধে বঙাইগাঁৱত এজাহাৰ

author img

By

Published : Jun 17, 2020, 2:07 PM IST

প্ৰদীপ নামৰ বিড়ি প্ৰস্তুত প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে অভয়াপুৰী আৰক্ষী চকীত এজাহাৰ দাখিল অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ ৷ প্ৰতিষ্ঠানটোত দ্বাৰা প্ৰস্তুত কৰা বিড়িৰ ফটোত অসমীয়াৰ অভিমান বিহুৰ ফটো সন্নিবিষ্ট কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ৷

FIR against Bidi factory in bongaigaon
FIR against Bidi factory in bongaigaon

চিৰাং, 17 জুনঃ বঙাইগাঁও জিলাৰ অভয়াপুৰীত বিড়িৰ পেকেটত অসমীয়াৰ বাপতি সাহোন বিহুৰ ফটো সন্নিবিষ্ট কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ যাৰ বাবে বিহুৰ ফটো বিড়ি প্ৰস্তুত কৰা প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে অসম প্ৰেমী যুৱ ছাত্ৰ সমাজে ৷

বিড়ি প্ৰতিষ্ঠানৰ বিৰুদ্ধে এজাহাৰ
বিড়ি প্ৰতিষ্ঠানৰ বিৰুদ্ধে এজাহাৰ

প্ৰদীপ নামৰ বিড়ি প্ৰস্তুত প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে উত্থাপন হৈছে বিড়িৰ পেকেটত বিহুৰ ফটো সন্নিবিষ্ট কৰাৰ অভিযোগ ৷ অসমীয়াৰ আদৰৰ বিহুটিক এনে কাৰ্যই অপমান কৰাৰ অভিযোগত প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী অতুল ঘোষৰ বিৰুদ্ধে ছাত্ৰ সমাজে অভয়াপুৰী আৰক্ষী চকীত দাখিল কৰিলে এজাহাৰ ৷ এনে অসহনীয় কাৰ্যৰ বিৰুদ্ধে যদি প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে, পৰিস্থিতিয়ে ভয়াবহ ৰূপ ধাৰণ কৰিব বুলি উল্লেখ কৰে অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ সদস্য সকলে ৷

এটা বিড়ি প্ৰতিষ্ঠানৰ বিৰুদ্ধে এজাহাৰ বঙাইগাঁৱত

লগতে পঢ়কঃ এক বজাৰ শীৰ্ষ দহটা বাতৰি...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.