ETV Bharat / state

চিদলী সমষ্টিৰ প্ৰাক্তন বিধায়ক খিৰেন বৰগয়াৰীৰ দেহাৱসান - বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী

শনিবাৰে শেষ নিশ্বাস ত্যাগ কৰে চিৰাঙৰ চিদলী সমষ্টিৰ প্ৰাক্তন বিধায়ক খিৰেন বৰগয়াৰীয়ে(EX MLA Khiren Bargoyary passes away) ৷ ১৯৯১ চনত এবছুৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী হৈ বিধায়ক হিচাবে নিৰ্বাচিত হৈছিল বৰগয়াৰী ।

চিদলী সমষ্টিৰ প্ৰাক্তন বিধায়ক খিৰেন বৰগয়াৰীৰ দেহাৱসান
author img

By

Published : Jan 9, 2022, 6:23 PM IST

চিৰাং, 9 জানুৱাৰী : বাৰ্ধক্য জনিত কাৰণত টুক্ৰাঝাৰস্থিত নিজ বাসগৃহত শনিবাৰে শেষ নিশ্বাস ত্যাগ কৰে চিৰাঙৰ চিদলী সমষ্টিৰ প্ৰাক্তন বিধায়ক খিৰেন বৰগয়াৰীয়ে(EX MLA Khiren Bargoyary passes away) ৷ ১৯৯১ চনত এবছুৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী হৈ বিধায়ক হিচাবে নিৰ্বাচিত হৈছিল বৰগয়াৰী । ১৯৪৭ চনত জন্মগ্ৰহণ কৰা খিৰেন বৰগয়াৰীয়ে কিছু দিনৰ পৰাই কাহ আৰু উচ্চ ৰক্তচাপত ভুগিছিল ৷ এজন ৰাজনৈতিক নেতাৰ লগতে এজন সমাজকৰ্মী হিচাপে খ্যাতি লাভ কৰিছিল প্ৰাক্তন বিধায়কগৰাকীয়ে ৷

Chirang Sidli ex MLA Khiren Bargayanri death
চিদলী সমষ্টিৰ প্ৰাক্তন বিধায়ক খিৰেন বৰগয়াৰীৰ দেহাৱসান

কেৱল সেয়াই নহয় বড়োলেণ্ড আন্দোলনৰ এজন সক্ৰীয় কৰ্মী আছিল প্ৰয়াত বৰগয়াৰী ৷ মৃত্যুৰ সময়ত পত্নী, দুজন পুত্ৰ, এগৰাকী জীয়ৰি আৰু নাতি-নাতিনীক এৰি যায় প্ৰাক্তন বিধায়কজনে । তেখেতৰ মৃত্যুৰ সংবাদ লাভ কৰি নিখিল বড়ো ছাত্ৰ সন্থা(এবছু)ৰ সাধাৰণ সম্পাদক খনিন্দ্ৰ বৰগয়াৰী,অসম চৰকাৰৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, তিনিজন বিধায়ক ক্ৰমে গোসাইগাঁৱৰ জিৰণ বসুমতাৰী, লৰেঞ্চ ইছলাৰী, চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰী উপস্থিত হয় বৰগয়াৰী বাসগৃহত ৷

ইয়াৰ লগতে চিদলীৰ প্ৰাক্তন বিধায়ক মতিন্দ্ৰ বসুমতাৰী, বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, বিটিচিৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰী সহ বিপিএফ-ইউপিপিএল আৰু বিভিন্ন দল সংগঠনৰ লোকেও প্ৰয়াত প্ৰাক্তন বিধায়কগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শোক সন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে ।

Ex MLA of Sidli constituency

প্ৰাক্তন বিধায়ক গৰাকীৰ মৃত্যু বড়ো জাতিৰ বাবে এক অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰে উপস্থিত জেষ্ঠ ব্যক্তিসকলে ৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী ইউ জি ব্ৰহ্মই কয় যে, বৰগয়াৰীৰ মৃত্যু জাতিটোৰ বাবে এক অপূৰণীয় ক্ষতি । বড়োলেণ্ড আন্দোলনৰ অগ্ৰণী নেতা আছিল খিৰেন বৰগয়াৰী । বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ হাতে-হাত ধৰি জপিয়াই পৰিছিল জাতি উদ্ধাৰ আন্দোলনত ।

১৯৯১ চনত বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল তেওঁ । ইয়াৰ পূৰ্বে এজন শিক্ষক হিচাপে কৰ্মৰত আছিল খিৰেন বৰগয়াৰী । ৰাজনৈতিক নেতাৰ লগতে এজন ধৰ্মীয় নেতা, সমাজকৰ্মী হিচাপে খ্যাতি আছিল বৰগয়াৰীৰ । নিজৰ আদৰ্শত চলা এজন ব্যক্তি আছিল তেওঁ ।

অসম চৰকাৰৰ মন্ত্ৰী হিচাপে সহযোগী তিনিজন বিধায়কক লগত লৈ শ্ৰদ্ধাঞ্জলি জনাই সমবেদনা জ্ঞাপনৰ লগতে কেবিনেটৰ জৰিয়তে অসম চৰকাৰক বিষয়টো অৱগত কৰিব বুলিও জনায় মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই । ইফালে, বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়েও প্ৰাক্তন বিধায়ক গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি এই মৃত্যু বড়ো জাতিৰ লগতে অসমবাসীৰ বাবে অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰাৰ লগতে এজন সুদক্ষ ৰাজনীতিবিদ উপদেষ্টাক আমি হেৰুৱালো বুলি কয় হাগ্ৰামা মহিলাৰীয়ে ।

লগতে পঢ়ক : ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কয় এটা, কৰে এটা : আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.