ETV Bharat / state

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ প্ৰশাসনে উদ্ধাৰ কৰিলে চিৰাঙৰ অসহায় আইতাগৰাকীক

author img

By

Published : May 5, 2020, 8:21 PM IST

ইটিভি ভাৰতত সম্প্ৰচাৰিত বাতৰিৰ পিচতেই অ'ভাৰ ব্ৰীজৰ তলৰ পৰা, বেচৰকাৰী সংস্থা চিষ্টাৰ্ছ অৱ চেৰিটিৰ বৃদ্ধাশ্ৰমলৈ প্ৰেৰণ কৰা হ'ল মামনি সাহায় নামৰ আইতাগৰাকীক ।

an old aged women of chirang got old age home for live

চিৰাং, 5 মে': ৰ'দ, বৰষুণ, বতাহক প্ৰতিপল একাকাৰ কৰি অ'ভাৰ ব্ৰীজৰ তলতেই দুৰ্বিসহ জীৱন যাপন কৰা এগৰাকী বৃদ্ধা । যোৱা ২৫ এপ্ৰিলত সবিস্তাৰে চিৰাঙৰ এই বৃদ্ধাগৰাকীৰ বাতৰি প্ৰকাশ হৈছিল ইটিভি ভাৰতত ।

২৫ এপ্ৰিলত ইটিভি ভাৰতযোগে সম্প্ৰচাৰিত বাতৰি

ইটিভি ভাৰতত সম্প্ৰচাৰিত এই বাতৰিৰ পিচতেই 70ৰ উৰ্ধৰ বৃদ্ধাগৰাকীক সহায়ৰ বাবে ওলাই আহিল চিৰাঙৰ জিলা আৰক্ষী অধীক্ষক । নিজকে কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ বাসিন্দা বুলি কোৱা এই বৃদ্ধা গৰাকীৰ নাই, কোনো আত্মীয় স্বজন । অতি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰাৰ বাবেই সৰুতে, কোনো এজন লোকে চিৰাং জিলাৰ ঢালিগাঁৱৰ বৰতালোৱাত আনি চাহৰ দোকানত থৈ গৈছিল তেওঁক । তেতিয়াৰ পৰাই সেই বজাৰখনতে চাহৰ দোকানত কাম কৰি নাইবা, কেতিয়াবা মানুহৰ ঘৰত কাম কৰি জীৱন অতিবাহিত কৰিলে মামনি সাহায় নামৰ বৃদ্ধাগৰাকীয়ে ।

অৱশেষত ঠিকনা সলনি হ'ল অ'ভাৰ ব্ৰীজৰ তলত থকা আইতাগৰাকীৰ

কুমাৰী হৈয়েই জীৱনৰ 70টা বসন্ত পাৰ কৰি পিচলৈ অসহায় হৈ পৰিছিল মামনি সাহায় । কেতিয়াবা যদি খুজি মাগি সামান্য কিবা এটা লাভ কৰে তাকেই খায়, কেতিয়াবা আকৌ আনে যুগুতাই দিয়া সামান্য খাদ্য খায়েই নিশাটো কটাইছিল অ'ভাৰ ব্ৰিজৰ তলত । কিন্তু ইটিভি ভাৰতত সম্প্ৰচাৰিত বাতৰিৰ পিচতেই জীৱনৰ বিয়লি বেলাত কিছু যেন সকাহ পালে আইতা গৰাকীয়ে । মঙলবাৰে জিলা আৰক্ষীয়ে বৃদ্ধাগৰাকীক উদ্ধাৰ কৰি চিকিৎসা প্ৰদানৰ পিচতে, চিৰাঙৰ চাপাগুৰীৰ বেচৰকাৰী সংস্থা চিষ্টাৰ্ছ অৱ চেৰিটিৰ সহযোগত, গোৱালপাৰাত থকা তেওঁলোকৰ বৃদ্ধাশ্ৰমলৈ প্ৰেৰণ কৰে ।

ইটিভি ভাৰতৰ বাতৰিৰ পিচতে জিলা আৰক্ষীয়ে তৎপৰতাৰে বৃদ্ধাগৰাকী বাবে এই সুব্যৱস্থা কৰি দিয়াত বিভিন্ন জনে প্ৰশাসনৰ লগতে সংবাদ মাধ্যমৰ শলাগ লয় ।

লগতে পঢ়কঃ অ’ভাৰব্ৰীজৰ তলতে দুৰ্বিষহ জীৱন কটাইছে এগৰাকী বৃদ্ধাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.