ETV Bharat / state

চিৰাঙত বন বিভাগৰ লোকক আক্ৰমণ বেদখলকাৰীৰ - বন বিভাগ

চিৰাঙৰ পাটাবাৰীত শনিবাৰে বেদখলকাৰীয়ে আক্ৰমণ কৰে বন বিভাগৰ লোকক ৷ বেদখলকাৰীৰৰ আক্ৰমণত আহত হয় কেইবাগৰাকীও লোক ৷ আহত লোক সকলৰ ভিতৰত এগৰাকীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে ৷

বন বিভাগৰ লোকক আক্ৰমণ বেদখলকাৰীৰ
বন বিভাগৰ লোকক আক্ৰমণ বেদখলকাৰীৰ
author img

By

Published : Sep 12, 2020, 10:04 PM IST

চিৰাং, 12 ছেপ্তেম্বৰ: চিৰাঙৰ পাটাবাৰীত বনবিভাগৰ ভূমি অবৈধভাৱে দখল কৰা লোকে আক্ৰমণ কৰিলে বন বিভাগৰ লোকক ৷ বেদখলকাৰীৰ আক্ৰমণত আহত হয় বন বিভাগৰ কেইবাগৰাকীও লোক ৷ আহত লোক সকলৰ ভিতৰত এগৰাকীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে ৷ চিৰাং সংমণ্ডল বন বিষয়া ব্ৰহ্মানন্দ পাটিৰীয়ে উল্লেখ কৰা অনুসৰি, পাটাবাৰীত বন বিভাগৰ 500 হেক্টৰ ভূমি আছে ৷ সেই ভূমিত বন বিভাগে অব্যাহত ৰাখিছে বনাঞ্চল গঢ়াৰ কাম ৷ তাৰে 100 হেক্টৰ ভূমিত বন বিভাগে যোৱা ৭ আগষ্টৰ পৰা গছপুলি ৰোপনৰ কাম কৰি আছিল ৷ শনিবাৰেও আমটেকা আৰু কুকলং বনাঞ্চলৰ একাংশ বন বিভাগৰ লোকে অব্যাহত ৰাখিছিল কাম ৷ কিন্তু তেনে সময়তে একাংশ লোকে আহি সেই ভূমি বেদখলৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ বন বিভাগৰ লোকে কেইবাবাৰো তেওঁলোকক বুজাইছিল যদিও, কাম কৰি থকা অৱস্থাত থাইচোগুৰীৰ অজা বসুমতাৰী, লেন্দাই দৈমাৰী, ছুদেমপাৰাৰ ৰিপক নাৰ্জাৰী, বেশৰবাৰীৰ সঞ্জীৱ বসুমতাৰী, নিতেন বৰগয়াৰী, অক্সিগুৰীৰ পছিছ বৰগয়াৰী, মেলেকো নাৰ্জাৰীৰ নেতৃত্বত অহা একাংশ লোকে বিভাগীয় লোকক আক্ৰমণ কৰে ৷ উপায়ন্তৰ হৈ বন বিভাগৰ লোকে অৱশেষত শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় ৷

চিৰাঙৰ পাটাবাৰীত সংঘটিত এই ঘটনা
চিৰাঙৰ পাটাবাৰীত সংঘটিত এই ঘটনা

ঘটনা সন্দৰ্ভত আমটেকা বনাঞ্চলিক বিভাগৰ পৰা আমগুৰি থানাত এজাহাৰ দাখিল কৰা বুলি জানিবলৈ দিয়ে চিৰাং সংমণ্ডল বন বিষয়া ব্ৰহ্মানন্দ পাটিৰীয়ে ৷ আমগুৰী থানাত ভাৰতীয় দণ্ডবিধি ধাৰা ৪৪৭/৪২৭ অনুসৰি, ৩৯/২০ নম্বৰত এটা গোচৰ যোৱা আগষ্ট মাহতে পঞ্জীয়ন হৈ আছিল বুলি জানিবলৈ দিয়ে বিষয়া গৰাকীয়ে ৷ উল্লেখ্য যে, জিলাখনত বনাঞ্চল ধ্বংস হৈ অহাৰ ফলত নৈ সমূহৰ গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে । যাৰ বাবে তৎকালীনভাৱে বৃহত্তৰ ঔগুৰি,পাটাবাৰী,আইধুবুৰী,নাঙলভাঙা আদি অঞ্চল খহনীয়াৰ পৰা ৰক্ষাৰ বাবে এইদৰে পাটাবাৰীত বন বিভাগৰ ভূমিত গছ পুলি ৰোপন কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি জনায় বিষয়া গৰাকীয়ে ৷

চিৰাঙত বন বিভাগৰ লোকক আক্ৰমণ বেদখলকাৰীৰ
চিৰাঙত বন বিভাগৰ লোকক আক্ৰমণ বেদখলকাৰীৰ

লগতে পঢ়ক: প্ৰাক্তন কংগ্ৰেছী বিধায়কৰ বিৰুদ্ধে ভূমি বেদখলৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.