ETV Bharat / state

চৰকাৰী কাৰ্যালয়ত এখন লাখটকীয়া বিদ্যুৎ বিল - DTO chirang

উৎকট গৰমৰ মাজতে কৰ্তব্য সম্পাদন ৷ চিৰাঙৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত বিগত এমাহৰ পৰা নাই বিদ্যুৎ ৷ দীৰ্ঘদিনে অনাদায় হৈ থকা এখন লাখটকীয়া বিদ্যুৎ বিলৰ বাবে বিদ্যুৎ সেৱা কৰ্তন কৰিছে জিলাখনৰ শক্তি বিভাগে ৷

Electricity cut in DTO office in Chirang assam etv bharat news
চৰকাৰী কাৰ্যালয়ত এখন লাখটকীয়া বিদ্যুৎ বিল
author img

By

Published : Sep 22, 2020, 4:36 PM IST

চিৰাং,22 ছেপ্তেম্বৰ: এফালে উৎকট গৰম, আনফালে বিদ্যুৎ কৰ্তন ৷ তাৰ মাজতে আকৌ কৰ্তব্য পালন ৷ এটা চৰকাৰী কাৰ্যালয়ত বিদ্যুত সংযোগ কৰ্তন কৰাৰ পিছতো দায়িত্ব পালনত ন্যস্ত থকা দেখা যায় বিভাগীয় কৰ্মচাৰী সকলক ৷ চিৰাঙৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত দেখা গৈছে এনে দৃশ্য ।

বিগত 27 আগষ্টত কাৰ্যালয়টোৰ বিদ্যুৎ সংযোগ কৰ্তন কৰিছিল শক্তি বিভাগে । ইয়াৰ কাৰণ আছিল দীৰ্ঘদিনে অনাদায় হৈ থকা এখন লাখটকীয়া বিদ্যুৎ বিল ৷ শক্তি বিভাগত কাৰ্যালয়টোৰ নামত অনাদায় হৈ আছে প্ৰায় 1,34,529 টকাৰ এখন বিদ্যুৎ বিল ৷ এই বিল পৰিশোধৰ কথা ব্যক্ত কৰিছে বিটিচি কৰ্তৃপক্ষই । ইফালে বিদ্যুত সংযোগ কৰ্তনৰ বাবে লিখিতভাৱে বিভাগে জাননী প্ৰেৰণৰ পিছতে বিটিচি চৰকাৰলৈ বিল পৰিশোধৰ বাবে অনুৰোধ জনাই অন্য এক জাননী প্ৰেৰণ কৰে বুলি ব্যক্ত কৰে জিলা পৰিবহণ বিষয়া ৰঞ্জিত কুমাৰ বৰাই ৷

ডিজিটেল ইণ্ডিয়াৰ পৰিপ্ৰেক্ষিতত কাৰ্যালয়টোৰ বিদ্যুত সংযোগ কৰ্তনৰ পিছত অনলাইন তথা ডিজিটেল পদ্ধতিত কৰা সকলো কাম-কাজে স্থবিৰ হৈ পৰিছে ৷ তাৰপিছতো উৎকট গৰমত বিদ্যুৎ বিহীনভাৱে কৰ্তব্য সম্পাদন কৰিছে কৰ্মচাৰী সকলে । দিনত মাত্ৰ এঘণ্টাৰ বাবে ডিজি চলাই অত্যাৱশ্যকীয় কাম সম্পূৰ্ণ কৰিছে কাৰ্যালয়টোৱে । প্ৰায় এমাহে বিদ্যুৎ নথকা কাৰ্যালয়টোত বিদ্যুতৰ পুনৰ সংযোগৰ বাবে বৰ্তমান কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিটিচি কৰ্তৃপক্ষই ৷

লগতে চাওকঃ হৃদয়হীন মাতৃয়ে হাবিত এৰি গ’ল নৱজাতকক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.