ETV Bharat / state

চিৰাঙৰ লাউক্ৰীগুৰিবাসীৰ খোৱাপানীৰ সমস্যা সমাধানৰ আশ্বাস প্ৰমোদ বড়োৰ - নদীৰ ঘোলা পানী খাই তৃষ্ণা নিবাৰণ

ই টি ভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ । ই টি ভি ভাৰতত চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ লাউক্ৰীগুৰিবাসীৰ খোৱাপানীৰ সমস্যাৰ বিষয়ে বাতৰি প্ৰচাৰিত হোৱাৰ পিছতে মঙলবাৰে অঞ্চলটোত উপস্থিত হয় মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো । শীঘ্ৰে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰাৰ আশ্বাস দিলে প্ৰমোদ বড়োৱে । দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ আশ্বাস লাভ কৰাৰ পিছতে হাঁহি বিৰিঙিছে নদীৰ ঘোলা পানী খাই তৃষ্ণা নিবাৰণ কৰি অহা লোকসকলৰ মুখত ।

লাউক্ৰীগুৰিত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰাৰ আশ্বাস দিলে প্ৰমোদ বড়োৱে

author img

By

Published : Dec 22, 2020, 3:53 PM IST

চিৰাং, ২২ ডিচেম্বৰ: শীঘ্ৰেই বিশুদ্ধ পানী উপলব্ধ হ'ব চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ দাদগিৰিৰ লাউক্ৰীগুৰি গাঁৱত । এটুপি বিশুদ্ধ পানীৰ অভাৱত বছৰ বছৰ ধৰি নদীৰ লেতেৰা পানী খাই জীৱন নিৰ্বাহ কৰি আহিছে এইসকল লোকে । বিগত ১৭ বছৰে বিটিচি প্ৰশাসনৰ উন্নয়নমূলক আঁচনিৰ অধীনতো সুবিধা লাভৰ পৰা বঞ্চিত হৈ আছে এই লোকসকল । আনকি বিটিচি প্ৰশাসনে বিশুদ্ধ খোৱাপানীৰো ব্যৱস্থা কৰি দিব নোৱাৰিলে ।

লাউক্ৰীগুৰিত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰাৰ আশ্বাস দিলে প্ৰমোদ বড়োৱে
লাউক্ৰীগুৰিত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰাৰ আশ্বাস দিলে প্ৰমোদ বড়োৱে

কেৱল ভোটৰ আশাত একাংশ জন প্ৰতিনিধিয়ে আভুৱা ভাৰি আহিছে লাউক্ৰীগুৰিবাসীক । আৰ্থিকভাৱে পিছপৰা গাঁওবাসীয়ে ব্যক্তিগত ব্যয়েৰে খোৱাপানীৰ সমস্যা সমাধান কৰিবলৈও অপাৰগ । অৱশেষত লাউক্ৰীগুৰি গাঁৱৰ ৰাইজৰ এই দুৰাৱস্থাৰ ছবিখন বিটিচি প্ৰশাসনৰ দৃষ্টিগোচৰ কৰাৰ উদ্দেশ্যেৰে আগবাঢ়ি আহে ই টি ভি ভাৰত ।

যোৱা ২৭ জুলাইত ই টি ভি ভাৰতে লাউক্ৰীগুৰিবাসীৰ খোৱাপানীৰ সমস্যাৰ বিষয়ে বাতৰি প্ৰচাৰ কৰিছিল । এই বাতৰি চোৱাৰ পিছতে ৰাইজৰ সমস্যা সমাধান প্ৰতি গুৰুত্ব আৰোপ কৰি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো মঙলবাৰে গাওঁখনত উপস্থিত হয় । কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে আজি অঞ্চলটো ভ্ৰমণ কৰি ৰাইজৰ সমস্যাৰ বুজ লয় । লগতে শীঘ্ৰেই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰাৰ আশ্বাস দিয়ে ।

বিটিচিৰ যিবোৰ স্থানত ৰাইজে এতিয়াও নদীৰ ঘোলা পানী খাই থাকিবলগীয়া হৈছে, সেই সকলোবোৰ স্থান পৰিদৰ্শন কৰি শীঘ্ৰেই খোৱাপানীৰ সমাধান কৰিব বুলিও মন্তব্য কৰে । উল্লেখ্য যে, লাউক্ৰীগুৰি গাঁৱৰ মাজেৰে বৈ গৈছে আই নদীৰ মূল সুঁতি । বাৰিষাৰ সময়চোৱাত, ভূটানৰ পৰা পানী নামি আহে আৰু সেই সময়তো নদীৰ অপৰিষ্কাৰ পানী খাই তৃষ্ণা নিবাৰণ কৰে লাউক্ৰীগুৰিবাসীয়ে । স্বাস্থ্য, শিক্ষা, পানী আৰু কৃষিখণ্ডৰ সমস্যা সমাধানত অধিক প্ৰাধান্য দি প্ৰথমে এই কামবোৰ কৰাৰ চেষ্টা কৰিব বুলি জনায় ।

সোমবাৰে নিশা বাক্সা জিলাৰ দিহিৰা সমষ্টিত বিজেপি কৰ্মীক গুলিয়াই হত্যা কৰা ঘটনাক গৰিহণা দিয়ে প্ৰমোদ বড়োৱে । এই ঘটনাৰ তদন্তৰ লগতে দোষীক শাস্তি প্ৰদান কৰা হ'ব বুলি মন্তব্য কৰে । প্ৰমোদ বড়োৱে হাগ্ৰামা মহিলাৰীৰ নিৰাপত্তাৰক্ষী সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, 'হাগ্ৰামাৰ এই নাটক চাবলৈ আমাৰ সময় নাই । আমি ৰাইজৰ কাম কৰিবলৈ আহিছো আৰু কাম কৰি যাম। নিৰাপত্তাৰক্ষী ল'ব নে নাই সেয়া তেওঁৰ নিজৰ কথা ।'

লগতে পঢ়ক:জনীয়াত বিদ্যালয়ৰ শ্ৰেণীকোঠা নিৰ্মাণত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.