ETV Bharat / state

চিৰাঙত জব্দ অবৈধভাৱে মজুত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ লগতে গেছৰ বহী - Ujala scheme

চিৰাঙত জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অভিযান (District Food and Civil Supplies Department raid) ৷ হাশ্ৰাউবাৰী বজাৰত চলোৱা অতৰ্কিত অভিযানত জব্দ কৰিলে অবৈধভাৱে মজুত ৰখা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ লগতে বহুসংখ্যক ৰন্ধন গেছৰ বহী (Illegally stored cooking gas cylinders and gas books seized)।

District Food and Civil Supplies Department raid in Chirang
চিৰাঙত জব্দ অবৈধভাৱে মজুত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ লগতে গেছৰ বহী
author img

By

Published : Aug 27, 2022, 10:22 AM IST

চিৰাং, 27 আগষ্ট: ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে ৰন্ধন গেছকে ধৰি বিভিন্ন ইন্ধনজাত সামগ্ৰীৰ এখন ক’লা বজাৰ (Black market of LPG) ৷ বহু সময়ত আৰক্ষীকে ধৰি খাদ্য আৰু অসামৰিক যোগান বিভাগে অভিযান চলাই বিভিন্ন স্থানৰ পৰা এই ক’লা ব্যৱসায়ৰ ঘাটি উৎখাত কৰি আহিছে যদিও দুষ্ট চক্ৰই অসৎ উপায়েৰে চলাই গৈছে ব্যৱসায় ৷

শেহতীয়াকৈ চৰকাৰৰ উজালা আঁচনীৰ নামত যোগান ধৰা ৰন্ধন গেছক লৈও এটা চক্ৰই এখন ক’লা বজাৰ চলাই অহাৰ তথ্য পোহৰলৈ আহিছে ৷ গ্ৰাম্যাঞ্চলৰ দৰিদ্ৰ লোকক যোগান ধৰা উজালা আঁচনীৰ অন্তৰ্গত হিতাধিকাৰীক নতুন সংযোগৰ নামত তেওলোকৰ পৰা বিভিন্ন নথি সংগ্ৰহ কৰি ৰন্ধন গেছৰ বহী বনাই দিয়াৰ নামত দুৰ্নীতি কৰাৰ অভিযোগ বিভিন্ন সময়ত পোহৰলৈ আহিছে (LPG connections to beneficiaries under Ujala scheme) ৷

District Food and Civil Supplies Department raid in Chirang
চিৰাঙত জব্দ অবৈধভাৱে মজুত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ লগতে গেছৰ বহী

ইয়াৰোপৰি একাংশ ৰন্ধন গেছৰ ডিলাৰে হিতাধিকাৰীক সময়ত গেছ যোগান নধৰি সেইসমূহ অবৈধ ভাৱে মজুত ৰাখি ক’লা বজাৰৰ জড়িয়তে অত্যাধিক মূল্যত গ্ৰাহকক বিক্ৰি কৰাৰ তথ্যও বিভিন্ন সময়ত ফাদিল হৈ আহিছে ।

শেহতীয়াকৈ চিৰাঙৰ হাশ্ৰাউবাৰী বজাৰত জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগে অভিযান চলাই জব্দ কৰিছে অবৈধ ভাৱে মজুত ৰখা ৰন্ধন গেছ ভৰ্তি চিলিণ্ডাৰকে ধৰি গেছৰ বহী ৷ অভিযান কালত অবৈধ ভাৱে মজুত ৰখা ৰন্ধন গেছভৰ্তি ১৯ টা চিলিণ্ডাৰ, খালী চিলিণ্ডাৰ ১৬ টা আৰু ১৮৫ খন ৰন্ধন গেছৰ বহী জব্দ কৰে ।

হাশ্ৰাওবাৰী বজাৰত নুৰুল হক নামৰ লোকজনে অবৈধভাৱে মজুত ৰখা অৱস্থাত জব্দ কৰা ৰন্ধন গেছৰ বহীসমূহ কাজলগাঁৱৰ এইচ পি ৰন্ধন গেছ আৰু বেংতলৰ ইণ্ডেন ৰন্ধন গেছ যোগান ডিলাৰৰ বুলি জানিব পৰা গৈছে ৷ তাৰোপৰি উজালা আঁচনীৰ নামত নতুন সংযোগৰ বিভিন্ন সামগ্ৰীয়ো উদ্ধাৰ কৰিছে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অভিযানকাৰী দলটোৱে ৷

চিৰাঙৰ জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ পৰিদৰ্শক দিপক কুমাৰ মমিন, উপ-পৰিদৰ্শক জিতু দৈমাৰী আৰু জব্দ কৰা বিষয়া (Seizing Officer) মনজেশ কুমাৰ শীলে ঢালিগাঁও থানাৰ আৰক্ষীৰ সহযোগত চলাইছিল এই অভিযান ।

প্ৰাপ্ত অভিযোগ অনুসৰি, কাজলগাঁওস্থিত এইচপি গেছ এজেঞ্চি আৰু বেংতল ইণ্ডেন গেছ এজেঞ্চিয়ে গ্ৰাহকক সময়ত গেছ যোগান নধৰে ৷ তাৰোপৰি এজেঞ্চিৰ সন্মুখত ৰন্ধন গেছৰ বাবে কেবাঘন্টা শাৰীপাতি থকাৰ পিচতো গেছ নাপায় গ্ৰাহকে ৷ যাৰ বাবে উপভোক্তাসকলে নিজৰ গেছৰ বহী নুৰুল হকৰ ওচৰত জমা থয় আৰু নুৰুল হকে ৰন্ধন গেছৰ প্ৰকৃত দাম বৰ্ধিত হাৰত গ্ৰাহকক যোগান ধৰে বুলিও জনায় গ্ৰাহক সকলে।

তাৰোপৰি ঢালিগাঁও ইণ্ডেন গেছ এজেঞ্চিয়ে ঘৰে ঘৰে ৰন্ধন গেছ যোগানৰ নামত গ্ৰাহকৰ পৰা অতিৰিক্ত ৪০-৫০ টকা সংগ্ৰহ কৰাৰ অভিযোগো উত্থাপন কৰে চিৰাং জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগক । এইসমূহ অভিযোগ পোৱাৰ অন্তত যোগান বিভাগে যাৱতীয় পৰীক্ষা কৰি ৰাইজক ঘৰে ঘৰে ৰন্ধন গেছ যোগান ধৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে কাজলগাঁওস্থিত এইচপি গেছ এজেঞ্চি আৰু বেংতলস্থিত ইণ্ডেন গেছ এজেঞ্চিৰ এই ধৰণৰ খেলিমেলিৰ বিষয়টো তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰিলে ৰাইজক ।

লগতে পঢ়ক: মৰাণত ৰন্ধন গেছ ভৰ্তি ট্ৰাক জব্দ মৰাণ আৰক্ষীৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.