ETV Bharat / state

লোকসেৱা আয়োগৰ পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত চিৰাং জিলা প্ৰশাসনৰ বৈঠক - APSC exam centre

লোকসেৱা আয়োগৰ সন্মিলিত প্রতিযোগিতামূলক(প্রাথমিক) পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সাজু চিৰাং জিলা প্ৰশাসন ।জিলাখনৰ দুটা কেন্দ্ৰত ৩৪৬ জন পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বহিব । ক'ভিড আক্ৰান্ত পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিব । চিৰাং জিলাৰ উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত এই কথা প্ৰকাশ কৰে জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে ।

Discussion on APSC exam and Covid vaccine at DC office
লোকসেৱা আয়োগৰ পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত চিৰাং জিলা প্ৰশাসনৰ বৈঠক
author img

By

Published : Sep 10, 2021, 1:30 PM IST

চিৰাং, ১০ ছেপ্টেম্বৰ: সমগ্ৰ অসমৰ লগতে চিৰাং জিলাতো ১২ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া অসম লোকসেৱা আয়োগৰ সন্মিলিত প্রতিযোগিতামূলক (প্রাথমিক) পৰীক্ষা, ২০২০ পৰিচালনা কৰাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে জিলা প্ৰশাসনে । এই সন্দৰ্ভত চিৰাং জিলাৰ উপায়ুক্তৰ সভাকক্ষত উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ সভাপত্বিত এখন বৈঠক অনুষ্ঠিত হয় ।

এইবাৰ চিৰাঙৰ দুটা কেন্দ্ৰত মুঠ ৩৪৬ জন প্ৰাৰ্থীয়ে পৰীক্ষাত বহিব । ইয়াৰে কাজলগাঁও হাইস্কুল কেন্দ্ৰত ১৭৬ আৰু কাজলগাঁও ছেনিয়ৰ ছেকেণ্ডাৰী কেন্দ্ৰত ১৭০ গৰাকী পৰিক্ষাৰ্থীয়ে বহিব পৰীক্ষাত । ইতিমধ্যে, জিলা প্রশাসনে কর্মকর্তাসকলক পৰীক্ষাৰ দায়িত্ব নিয়োজিত কৰিছে । পৰীক্ষাৰ বাবে কোঠা, আসনৰ ব্যৱস্থা কৰাৰ লগতে সংবাদমেলযোগে অসম লোকসেৱা আয়োগে জাৰি কৰা নিৰ্দেশনা প্রচাৰৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে ।

লোকসেৱা আয়োগৰ পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত চিৰাং জিলা প্ৰশাসনৰ বৈঠক

অসম লোকসেৱা আয়োগে নিৰ্দেশ দিছে যে, যিসকল পৰীক্ষাৰ্থীয়ে প্ৰথম পালি ক'ভিড প্ৰতিষেধক লৈছে তেওঁলোকে RT-PCR/RAT পৰীক্ষাৰ ঋণাত্মক ফলাফলৰ নথি লগত আনিব নালাগে । কেৱল প্ৰতিষেধক লোৱাৰ প্ৰমাণপত্ৰৰ প্ৰতিলিপি লগত আনিব লাগিব ।

আনহাতে, যিসকল পৰীক্ষাৰ্থীয়ে এতিয়াও ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰা নাই তেওঁলোকে পৰীক্ষাৰ ৭২ ঘন্টাৰ আগত RT-PCR বা পৰীক্ষাৰ ৪৮ ঘন্টাৰ আগত RAT পৰীক্ষাৰ ঋণাত্মক ফলাফলৰ নথি লগত আনিব লাগিব । যিসকলে এই সমূহ নথি অনাত ব্যৰ্থ হয়, পৰীক্ষা কেন্দ্ৰত প্ৰৱেশৰ পূৰ্বে তেওঁলোকৰ ক'ভিড পৰীক্ষা কৰোৱা হ'ব ।

ক'ভিড আক্ৰান্ত পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিব বুলি জানিবলৈ দিছে জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে । পৰীক্ষাৰ্থীসকলে মাস্ক, ফেছ ছীলড, হেনড গ্লোবছ পৰিধান কৰাৰ লগতে আৰু সামাজিক দূৰত্ব বজাই ৰখাটো বাধ্যতামূলক । পৰীক্ষাৰ্থী সকলে ৬০মিলিলিটাৰৰ চেনিটাজাৰৰ বটল লগত নিব পাৰিব । প্ৰতিজন পৰীক্ষাৰ্থীৰ থাৰ্মেল স্কেনিং কৰা হ'ব ।

সকলো পৰীক্ষাৰ্থীয়ে কমেও পৰীক্ষাৰ এক ঘন্টাৰ আগত পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'ব লাগিব । পৰীক্ষা আৰম্ভ হোৱাৰ ৩০ মিনিট আগত পৰীক্ষাৰ কোঠাসমূহ খুলি দিয়া হ'ব । পৰীক্ষা আৰম্ভ হোৱাৰ ২০মিনিটৰ পাছত কোনো পৰীক্ষাৰ্থীক পৰীক্ষা গৃহত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব ।

পৰীক্ষাৰ্থীয়ে পৰীক্ষা গৃহত কেৱল নীলা বা কলা ৰঙৰ বল পেন ব্যৱহাৰ কৰিব পাৰিব । কিন্তু পেঞ্চিল, জ্যামিতিক সঁজুলিৰ বাকচ, পানী বটল, কিতাপ, কাগজ, মোবাইল, চেলুলাৰ ফোন, ঘড়ী, কেলকুলেটৰ, কেমেৰা, পেন ড্ৰাইভ বা আন কোনো ধৰণৰ বৈদ্যুতিক সামগ্ৰী আৰু মোনা লৈ পৰীক্ষা গৃহত প্ৰৱেশ কৰিব নোৱাৰিব । লগতে সভাত জিলাখনৰ টীকাকৰণ কাৰ্যসূচী সম্পৰ্কেও আলোচনা কৰা হয় ।

জিলাখনত ৩ লাখ ৫৮ হাজাৰ লোকক প্ৰতিষেধক প্ৰদানৰ লক্ষ্যৰে টীকাকৰণ অভিযান আৰম্ভ কৰা হৈছিল আৰু এতিয়ালৈকে ২ লাখ ২০ হাজাৰ লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে । বাকী লোকসকলক প্ৰতিষেধক প্ৰদানৰ বাবে জিলাৰ সকলো চিকিৎসালয় আৰু স্বাস্থ্য কেন্দ্ৰসমূহত ক'ভিড প্ৰতিষেধক কেন্দ্ৰৰ ব্যৱস্থা কৰি ১০ ছেপ্টেম্বৰৰ পৰা ক'ভিড প্ৰতিষেধক প্ৰদান কৰিবলৈ জিলা উপায়ুক্তই জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকক নিৰ্দেশ দিয়ে । সকলোকে ৰাইজকে তেওঁ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক:ফেৰী দুৰ্ঘটনাই মৰ্মাঘাত কৰিছে দক্ষিণ পাট গৃহাস্বমী সত্ৰৰ সত্ৰাধিকাৰক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.