ETV Bharat / state

বঙাইগাঁৱত উপস্থিত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং

শনিবাৰে বঙাইগাঁও ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয় অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে ৷ শনিবাৰে পুৱাভাগত নিউবঙাইগাঁৱত ৰাইজলৈ শুন‍্যলৈ গুলীচালনাৰ কৰা ঘটনা সন্দৰ্ভত বুজ লয় জিপি সিঙে ৷

চিৰাং
বঙাইগাঁৱত আৰক্ষীৰ লাঠীচালনা
author img

By

Published : Mar 28, 2020, 7:14 PM IST

Updated : Mar 28, 2020, 7:48 PM IST

চিৰাং, 28 মাৰ্চঃ শনিবাৰে ধুবুৰীৰ পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত হয় অসম আৰক্ষীৰ আইন শৃঙ্খলাৰ দ্বায়িত্বত থকা অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙ৷ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ সিঙে কয় যে, "ৰাইজে এই লক ডাউন বুজি পোৱা নাই । ৰাইজক বুজাব লাগিব । কাছাৰৰ ঘটনাৰ সৈতে এই ঘটনাৰ কোনো সংগতি নাই । লগতে কয় অসম আৰক্ষীয়ে যিকোনো প্ৰকাৰে লকডাউন সফল কৰিব । লকডাউন অমান্য কৰা সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থাৰে শাস্তি প্ৰদান কৰাৰ কথাও জনায় সিঙে । তাৰোপৰি লক ডাউনৰ বাবে সেনা মোতায়েনৰ প্ৰয়োজন নহ'ব কাৰণ অসম আৰক্ষীয়ে পৰ্যাপ্ত বুলিও কয় অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জনে । আনহাতে, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানজনৰ সৈতে উপস্থিত থাকে জিলা আৰক্ষী অধিক্ষক সিংহ ৰাম মিলি আৰু জিলাখনৰ শীৰ্ষ আৰক্ষী বিষয়াসকল ৷

জিপি সিং
বঙাইগাঁৱত আৰক্ষীৰ লাঠীচালনা

উল্লেখ্য যে, শনিবাৰে বঙাইগাঁও জিলাৰ নিউবঙাইগাঁৱত পুৱা ভাগত লক ডাউন নমনা ব্যক্তিক লাঠীচালনা কৰে আৰক্ষীয়ে ৷ লাঠী চালনাৰ পাচতে ৰাইজে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰে ৷ যাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে শুন্যলৈ ৮ জাই গুলি কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ।

বঙাইগাঁৱত উপস্থিত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি এই ঘটনাত জড়িত ৭ জন লোকক গ্ৰেপ্তাৰ কৰে । এই ঘটনাৰ পিচতেই জিলা প্ৰশাসনে জিলাখনত ১৪৪ ধাৰা জাৰী কৰে । ইয়াৰ পূৰ্বও শুকুৰবাৰে ধুবুৰী জিলাৰ ফলিমাৰী বজাৰতো লকডাউন নমনা সকলক আৰক্ষীয়ে বাধা দিয়াত ৰাইজৰ আক্ৰমণৰ বলি হ'বলগীয়া হৈছিল দুজনকৈ আৰক্ষীৰ লোক ।

আৰু পঢ়কঃ কোভিড-19 : তেজপুৰস্থিত প্ৰতিৰক্ষা গৱেষণা পৰীক্ষাগাৰৰ প্ৰসংশনীয় পদক্ষেপ

Last Updated : Mar 28, 2020, 7:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.