ETV Bharat / state

BTR Teachers Protest: বি টি আৰত অপ্ৰাদেশীকৃত শিক্ষকৰ আন্দোলনৰ হুংকাৰ - demands for provincialisation

11 ডিচেম্বৰৰ ভিতৰত বি টি আৰৰ অপ্ৰাদেশীকৃত বিদ্যালয়সমূহ প্ৰাদেশীকৰণৰ বাবে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বি টি আৰৰ অপ্ৰাদেশীকৃত শিক্ষক সন্থাই আন্দোলন কৰিবলৈ বাধ্য হ’ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে ৷

demand for provincialization of school of btr
অপ্ৰাদেশীকৃত বিদ্যালয় প্ৰাদেশীকৰণৰ দাবী
author img

By

Published : Dec 9, 2021, 5:43 PM IST

চিৰাং, 9 ডিচেম্বৰ : বি টি চি অঞ্চলত বি টি আৰ চুক্তিৰ পিছতেই অপ্ৰাদেশীকৃত বিদ্যালয়সমূহ প্ৰাদেশীকৰণৰ প্ৰতিশ্ৰুতি দিছিল চৰকাৰে ৷ বি টি আৰ চুক্তিৰ 6.3 দফা অনুসৰি বিদ্যালয় প্ৰাদেশীকৰণৰ যি প্ৰস্তাৱ ৰখা হৈছিল সেইয়া আজিলৈকে কাৰ্যকৰী হৈ নুঠিল ৷

সম্প্ৰতি নতুন শিক্ষা নীতিৰ পৰিপ্ৰেক্ষিতত এই অপ্ৰাদেশীকৃত বিদ্যালয় সমূহ একেবাৰে বন্ধ হৈ যোৱাৰ আশংকাত অপ্ৰাদেশীকৃত শিক্ষক সকল জাঙুৰ খাই উঠিছে (demand for provincialization of school of btr) ৷ পশ্চিম কোকৰাঝাৰ সমষ্টিৰ বিধায়ক লৰেঞ্চ ইচলাৰীয়ে এই ক্ষেত্ৰত কেন্দ্ৰৰ সৈতে আলোচনা কৰাৰো প্ৰতিশ্ৰুতি দিছিল ৷

অপ্ৰাদেশীকৃত বিদ্যালয় প্ৰাদেশীকৰণৰ দাবী

4 ডিচেম্বৰলৈকে বিধায়ক গৰাকীয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰাত প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সকলে একগোট হৈ ধাৰাবাহিক আন্দোলনৰ হুংকাৰ দিছে (BTR Teachers Protest) ৷ 11 ডিচেম্বৰলৈকে সময়সীমা বান্ধি দিছে বি টি আৰৰ অপ্ৰাদেশীকৃত শিক্ষক সন্থাই ৷ উক্ত সময়ৰ ভিতৰত কোনো সিদ্ধান্ত দিব নোৱাৰিলে যিকোনো অপ্ৰীতিকৰ পৰিস্থিতৰ উদ্ভৱ হ’ব পাৰে বুলিও তেওঁলোকে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : Nagaland Army Amush : চিৰাঙত এবছুৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.