ETV Bharat / state

হাবিৰ মাজত বিবস্ত্ৰ অৱস্থাত উদ্ধাৰ কিশোৰীৰ মৃতদেহঃ ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ - deadbody of a girl recoverd at chirang assam etv bharat news

চিৰাঙৰ ভাৰত-ভূটান সীমান্তত উদ্ধাৰ হৈছে এগৰাকী ন বছৰীয়া কিশোৰীৰ মৃতদেহ ৷ কিশোৰী গৰাকীক দুৰ্বৃত্তই অপহৰণ কৰি নি ধৰ্ষণ কৰি হত‍্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় আৰক্ষীয়ে ৷

Chirang Minor rape and murder assam etv bharat news
নাবালিকা ধৰ্ষণ
author img

By

Published : May 9, 2020, 8:10 PM IST

Updated : May 9, 2020, 11:06 PM IST

চিৰাং,9 মে’ঃ চিৰাঙৰ সীমান্তৱৰ্তী ৰুণিখাটা থানাৰ অন্তৰ্গত তথা দাদগিৰি সীমান্ত আৰক্ষী চকীৰ সমীপৰ দেউশ্ৰী গণেশপুৰত উদ্ধাৰ হৈছে নাবালিকাৰ মৃতদেহ ৷ ঘটনাৰ বিৱৰণী অনুসৰি, বৃহস্পতিবাৰে সন্ধিয়া নিদ্ৰাৰত অৱস্থাত এগৰাকী ন বছৰীয়া কিশোৰীক এৰি মাহীমাকে চুবুৰীয়াৰ ঘৰলৈ যায় ৷ পৰৱৰ্তী সময়ত ঘূৰি আহি কিশোৰীগৰাকীক ঘৰত নেদেখি হুলস্থুল কৰাত গাঁৱবাসীয়ে নিশা কিশোৰীগৰাকীক বিচাৰে যদিও সন্ধান উলিওৱাত ব্যৰ্থ হয় ৷ উপায়ন্তৰ কিশোৰীগৰাকীৰ অভিভাৱকে দাদগিৰি সীমান্ত আৰক্ষী চকীত এইবিষয়ে অৱগত কৰাত আৰক্ষীয়ে গাঁৱবাসীৰ সহযোগত কিশোৰীগৰাকীৰ সন্ধানত নামি পৰে ৷

নাবালিকা ধৰ্ষণ

ইপিনে, শনিবাৰে পুৱা প্ৰায় 9 বজাত গাঁৱখনৰ সমীপৰ হাবিত ছোৱালীজনীৰ কাপোৰ উদ্ধাৰ কৰে স্থানীয় ৰাইজে । এই বিষয়ে আৰক্ষীয়ে সম্ভেদ লাভ কৰি হাবিত অভিযান চলোৱাত বিবস্ত্ৰ অৱস্থাত উদ্ধাৰ হয় কিশোৰী গৰাকীৰ মৃতদেহ । অপহৰণৰ তিনিদিন পিছত উদ্ধাৰ হোৱা কিশোৰী গৰাকীৰ মৃতদেহক কেন্দ্ৰ কৰি স্থানীয় লোকে এয়া এক হত্যাকাণ্ড বুলি দাবী কৰে ৷ কিশোৰী গৰাকীক দুৰ্বৃত্তই ধৰ্ষণ কৰি হত‍্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ উল্লেখ্য যে, বিগত কিছুদিনত লক্​ ডাউনৰ মাজতে বৃদ্ধি পাইছে বিভিন্ন অপৰাধমূলক ঘটনা । ইতিপূৰ্বে ৰুণিখাটা এলেকাত প্ৰায় একে ধৰণৰ অন্য তিনিটা ঘটনা সংঘটিত হৈছে । একাংশ লোকৰ মদ‍্যপানৰ ফলতে এইধৰণৰ অপৰাধমূলক ঘটনা বৃদ্ধি পাইছে চিৰাঙত ৷

আনহাতে,মৃতদেহ উদ্ধাৰৰ পিচতে ঘটনাস্থলীত চিৰাং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বেদান্ত প্ৰকাশ বৰকাকতি, জিলা সদৰৰ উপ-আৰক্ষী অধীক্ষক প্ৰতাপ দাস, ৰুণিখাটাৰ চক্ৰ আৰক্ষী বিষয়া ৰুস্থমৰাজ ব্ৰহ্মকে ধৰি ৰুণিখাটা থানা আৰু দাদগিৰি সীমান্ত আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ সীমান্ত সুৰক্ষা বাহিনী আৰু সেনাৰ চোৰাংচোৱা কুকুৰৰ সহযোগত প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে ।

লগতে চাওকঃ কৰ’ণা মুক্ত গোলাঘাট জিলা !

Last Updated : May 9, 2020, 11:06 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.