চিৰাং, 5 জুন : চিৰাঙৰ কাজলগাঁও জে.এচ.বি অসামৰিক চিকিৎসালয়ত এগৰাকী ক'ভিড আক্ৰান্ত প্ৰসূতিয়ে প্ৰসৱ কৰালে সন্তান ৷ চিৰাঙৰ জিলাৰ ৰুনিখাতাৰ নিবালী প্ৰসূতি গৰাকীয়ে সন্তান প্ৰসৱ কৰাৰ পাচতে উৎফুল্লিত হৈ পৰিছে চিকিৎসালয়খনৰ চিকিৎসক সকল ৷
চিকিৎসালয়খনৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি বৰ্তমান সন্তানটো ক'ভিড মুক্ত ৷ মাতৃ ক'ভিডত আক্ৰান্ত হৈ আছে যদিও সন্তানটি এতিয়ালৈকে ক'ভিডত আক্ৰান্ত হোৱা নাই ৷ সম্প্ৰতি মাতৃ আৰু সন্তান দুয়োজনেই সুস্থ অৱস্থা আছে বুলি জানিবলৈ দিছে কাজলগাঁও জেএচবি অসামৰিক চিকিৎসালয়ৰ প্ৰশাসক গৌতম মহিলাৰীয়ে ।
লগতে পঢ়ক: পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে দিল্লীত যুৱ কংগ্ৰেছৰ(IYC) প্ৰতিবাদ