ETV Bharat / state

চিৰাঙত কোচবিহাৰ ভাৰত একত্ৰিকৰণ দিৱস উদযাপন

author img

By

Published : Aug 28, 2022, 10:50 PM IST

চিৰাঙত কোচবিহাৰ-ভাৰত মাৰ্জাৰ চুক্তি দিৱস উদযাপন কৰা হয় ৷ গ্ৰেটাৰ কোচবিহাৰ পিপলচ এচোচিয়েছনৰ(Greater Cooch Behar peoples association)উদ্যোগত আয়োজন কৰা হয় এই অনুষ্ঠান ৷ অনুষ্ঠানত অনন্ত ৰায় মহাৰাজে অংশগ্ৰহণ কৰে ৷

Greater cooch behar peoples association
চিৰাঙত কোচবিহাৰ ভাৰত একত্ৰিকৰণ দিৱস উদযাপন

চিৰাং, 28 আগষ্ট: 1949 চনত আজিৰ দিনটোতে কোচবিহাৰ ৰাষ্ট্ৰ ভাৰতৰ লগত চামিল হৈছিল । গ্ৰেটাৰ কোচবিহাৰ পিপলচ এচোচিয়েছনৰ(Greater Cooch Behar peoples association) চিৰাং জিলা সমিতিৰ উদ্যোগত দেওবাৰে কোচবিহাৰ-ভাৰত মাৰ্জাৰ চুক্তি দিৱস উদযাপন কৰা হয় ৷

অনুষ্ঠানত অনন্ত ৰায় মহাৰাজে(Ananta Rai Maharaj) প্ৰথমে শিৱচণ্ডী পূজাত সেৱা জনায় । মহাৰাজৰ লগত উপস্থিত থাকে গ্ৰেটাৰ কোচবিহাৰ পিপলচ এচচিয়েছনৰ সভাপতি নিৰ্মল ৰায় আৰু সম্পাদিকা নমিতা ৰায় । সভাপতি নিৰ্মল ৰায় আৰু সম্পাদিকা নমিতা ৰায়ে কোচ বিহাৰ ৰাষ্ট্ৰ কিদৰে ভাৰতৰে চামিল হৈছিল সেই সন্দৰ্ভত মন্তব্য আগবঢ়ায় ৷

ইয়াৰ পাছতে অনন্ত ৰায় মহাৰাজে নিজৰ ভাষণত কোচবিহাৰ ৰাষ্ট্ৰ ভাৰতৰে চামিলৰ ইতিহাস বৰ্ণনা কৰাৰ লগতে সকলো জাতি-জনগোষ্ঠীৰ লোকক একেলগে মিলি থকাৰ আহ্বান জনোৱাৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চল হ’লে ব্যাপক উন্নয়ণ হ’ব বুলি দাবী কৰে । তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ সৈতে ২০১৫-১৬ চনত কোচবিহাৰ কেন্দ্ৰীয় শাসিত ৰাজ্য গঠন সন্দৰ্ভত আলোচনা হৈছিল ।

লগতে তেওঁ কেন্দ্ৰীয় শাসিত ৰাজ্য গঠনত বিৰোধিতা নকৰিবলৈ সকলোকে অনুৰোধ জনায় (Cooch Behar union territory controversy) । তেওঁ কয় যে ৰাজ্য এখন হ’লে সকলো জাতি-জনগোষ্ঠীৰ লোক থাকিব । গতিকে বিৰোধিতা কৰাৰ বিপৰীতে উন্নয়ণৰ স্বাৰ্থত সকলোৱে সমৰ্থন জনাব লাগে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰতিশ্ৰুতি দিয়া বুলিও তেওঁ উল্লেখ কৰে (Amit Shah on Cooch Behar) ৷

কোচবিহাৰ কেন্দ্ৰীয় শাসিত ৰাজ্যৰ বিৰোধিতা কৰাসকলক উদ্ধেশ্যি মহাৰাজে কয় যে এতিয়া সেই সময় নাই, বেজি এটা পৰিলেও চৰকাৰে দেখি আছে । আমি কথা পাতি থকাটোও চৰকাৰে দেখি আছে বুলি তেও মন্তব্য কৰে । প্ৰায় পাঁচ সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত কোচবিহাৰ-ভাৰত মাৰ্জাৰ চুক্তি দিৱসৰ কাৰ্যসূচী নাৰায়ণী সেনাই পৰিচালনা কৰে ৷ অনুষ্ঠানত বিজেপি, কোচ ৰাজবংশী সন্মিলনীকে আদি কৰি কেবাটাও দল-সংগঠনৰ নেতৃত্ব উপস্থিত থকাৰ লগতে কমতাপুৰ শায়ত্ব শাসিত পৰিষদৰ কেইবাজনো কাৰ্য্যবাহী সদস্য উপস্থিত থাকে ।

লগতে পঢ়ক: ৰাজেন গোহাঁইৰ অনুপস্থিতিত প্ৰস্তুত নগাঁও লোকসভা নিৰ্বাচনৰ ৰণকৌশল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.