ETV Bharat / state

চিৰাঙত মূল‍্যবৃদ্ধিৰ প্ৰতিবাদত কংগ্ৰেছৰ 2 ঘন্টীয়া অৱস্থান ধৰ্মঘট

author img

By

Published : Jun 30, 2020, 5:23 AM IST

কেন্দ্ৰীয় চৰকাৰে ডিজেল-পেট্ৰ'লৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ সঘনাই মূল্যবৃদ্ধি কৰাৰ প্ৰতিবাদতেই চিৰাঙৰ বিজনীত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী কংগ্ৰেছৰ ৷

Congress 2 hour strike in protest of price hike

চিৰাং, 30 জুনঃ সোমবাৰে চিৰাঙৰ বিজনীত মূল‍্যবৃদ্ধিৰ প্ৰতিবাদত 2 ঘন্টীয়া অৱস্থান ধৰ্মঘট কংগ্ৰেছৰ । চিৰাং জিলাৰ বিজনী বড়োবাজাৰ ব্লক কংগ্ৰেছ কাৰ্যালয় চৌহদত চিৰাং জিলা কংগ্ৰেছৰ উদ্যোগত মূল‍্যবৃদ্ধিৰ প্ৰতিবাদত ৰূপায়ন কৰা হয় 2 ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ সোমবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে এই কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

কংগ্ৰেছৰ 2 ঘন্টীয়া অৱস্থান ধৰ্মঘট

কেন্দ্ৰীয় চৰকাৰে ডিজেল-পেট্ৰ'লৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ সঘনাই মূল্যবৃদ্ধি কৰাৰ প্ৰতিবাদতেই এই 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰাৰ লগতে বিজনী মহকুমাধিপতিৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ প্ৰদান কৰে ৷

এই অৱস্থান ধৰ্মঘটস্থলিত উপস্থিত থাকে চিৰাং জিলা কংগ্ৰেছ কমিটিৰ সভাপতি সঞ্জীৱ ৱেৰী,সম্পাদক শনিৰাম মুছাহাৰী, 17 নং সুভাইঝাৰ পৰিষদীয় (জনজাতি) সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী অৰুণ নাৰ্জাৰীৰ লগতে বহু কেইজন দলীয় কৰ্মকৰ্তা ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.