ETV Bharat / state

দৈজিং উৎসৱত উপস্থিত মুখ্যমন্ত্ৰী - দৈজিং উৎসৱত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

দৈজিং উৎসৱত উপস্থিত হৈ নদীৰ গুণানুকীৰ্তন কৰাৰ পোষকতা কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ দৈজিং উৎসৱ বৰ্তমান বিশ্বমানৰ উৎসৱলৈ পৰিণত হৈছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

cm sarbananda sonowal visit dwijing festival in chirang
নদীক গুণানুকীৰ্তনৰ আহ্বান মুখ্যমন্ত্ৰীৰ
author img

By

Published : Jan 5, 2020, 9:43 PM IST

চিৰাং, 5 জানুৱাৰীঃ চিৰাং জিলাৰ আই নদীৰ পাৰত অনুষ্ঠিত হৈ থকা দৈজিং উৎসৱত দেওবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু বিধায়ক প্ৰশান্ত ফুকন ৷ হেলিকপ্তাৰেৰে দুপৰীয়া 12:30 বজাত উৎসৱস্থলীত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমে উৎসৱৰ কৰ্মকৰ্তাসকলৰ পৰা দৈজিং উৎসৱৰ বুজ লয় ৷ মুখ্যমন্ত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠানত বিটিচিৰ উপমুখ্য খাম্পা বৰগয়াৰীয়ে কয় যে, অসমৰ পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ ক্ষেত্ৰত বিটিচি পৰ্যটনে মুখ্যমন্ত্ৰীৰ সহযোগিতাত আগবাঢ়িছে ৷ বক্তব্য প্ৰসংগত দৈজিং উৎসৱ সম্পৰ্কে বিতং ব্যাখ্যা আগবঢ়ায় বিটিচিৰ উপমুখ্যগৰাকীয়ে ৷

নদীক গুণানুকীৰ্তনৰ আহ্বান মুখ্যমন্ত্ৰীৰ
নদীক গুণানুকীৰ্তনৰ আহ্বান মুখ্যমন্ত্ৰীৰ

নিজৰ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে দৈজিং উৎসৱৰ উদ্যোক্তা সকলক ধন্যবাদ জনায় কয় যে, দৈজিং উৎসৱ বৰ্তমান বিশ্বমানৰ উৎসৱ হৈ উঠিছে ৷ অসমৰ অৰ্থনৈতিক দিশৰ সৱলীকৰণৰ ক্ষেত্ৰটো দৈজিং উৎসৱে সহায় কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ বক্তব্য প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে উল্লেখ কৰে যে, নদীৰ গুণানুকীৰ্তন কৰিলেহে আমাৰ সভ্যতা সাৰুৱা হ’ব ৷ পৃথিৱীৰ প্ৰত্যকটো প্ৰান্ততে নদীৰ গুণানুকীৰ্তন কৰাৰ প্ৰথা প্ৰচলিত আছে ৷ এনে ধৰণৰ নৈপৰীয়া উৎসৱ সমুহে সমাজত বিশেষ প্ৰভাব পেলায় ‌। অসমীয়া সমাজ জীৱনক আগবঢ়াই নিবলৈ এই নৈ সমূহৰ লগত একাত্ম হোৱা উচিত বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়কঃ বিদেশীক নাগৰিকত্ব দিবলৈ সাজু উত্তৰ প্ৰদেশ চৰকাৰ

Intro:চিৰাঙৰ দৈজিং উৎসৱত মুখ‍্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল। লগতে বিজেপিৰ ৰাজ‍্যিক সভাপতি ৰঞ্জিত দাস আৰু বিধায়ক প্ৰশান্ত ফুকন । হেলিকপ্টাৰেৰে দুপৰীয়া ১২.৩০ বজাত উপস্থিত হোৱা মুখ‍্য মন্ত্ৰী জনে দৈজিং উৎসৱৰ বুজ লয় প্ৰথমে তাৰ পিচত মঞ্চত উঠে । বিটিচি উপমূখ‍্য খাম্পা বৰগয়াৰীয়ে মুখ‍্য মন্ত্ৰীক সম্বৰ্ধনা জনোৱা অনুষ্টানৰ আত ধৰি কয় যে অসম পৰ্যটনৰ লগে লগে বিটিচি পৰ্যটনে মুখ‍্যমন্ত্ৰীৰ সহযোগিতাত আগবাঢ়িছে । তেখেতে দৈজিং উৎসৱ সম্পৰ্কে বিতং ব‍্যখা আগবঢ়ায়।

মুখ‍্যমন্ত্ৰীয়ে নিজৰ ভাষনত দৈজিং উৎসৱৰ উদ‍্যোক্তা সকলক ধন‍্যবাদ জনাই কয় দৈজিং উৎসৱৰ জনপ্ৰিয়তা লাহে লাহে বৃদ্ধি পাইছে । নৈপৰীয়া উৎসৱ সমুহে সমাজত বিশেষ প্ৰভাব পেলায় ‌। গুৰুজনা শংকৰ দেৱেও নৈৰেই ধৰ্মপ্ৰচাৰ চলাইছিল বুলি কয় ।

বাইট : মুখ‍্যমন্ত্ৰীৰ ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Body:চিৰাঙৰ দৈজিং উৎসৱত মুখ‍্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল।

Conclusion:চিৰাঙৰ দৈজিং উৎসৱত মুখ‍্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.