ETV Bharat / state

বঙাইগাঁৱৰ কন্টেইনমেন্ট জ'নত তীব্ৰ উত্তেজনা

author img

By

Published : May 15, 2020, 8:21 PM IST

বিগত 16 দিনে কন্টেইনমেন্ট জ'নত আছে যদিও চৰকাৰ তথা প্ৰশাসনৰ পৰা কোনোধৰণৰ সহায়-সুবিধা লাভ নকৰাৰ অভিযোগ অঞ্চৱটোৰ ৰাইজৰ ৷

Clash between people of Containment zone in Bongaigaon
বঙাইগাঁৱৰ কন্টেইনমেন্ট জ'নত তীব্ৰ উত্তেজনা

বঙাইগাঁও,15 মে': বঙাইগাঁও চহৰৰ ভাকাৰীভিটাৰ ৱাৰ্ড নং 17 ৰ কন্টেইনমেন্ট জ'নত থকা নাগৰিকৰ হাহাকাৰ অৱস্থা ৷ অঞ্চটোৰ ৰাইজ সকল বিগত 16 দিনে কন্টেইনমেন্ট জ'নত আছে যদিও চৰকাৰ তথা প্ৰশাসনৰ পৰা কোনোধৰণৰ সহায়-সুবিধা লাভ নকৰাৰ অভিযোগ অঞ্চৱটোৰ ৰাইজৰ ৷ ৰাইজৰ অভিযোগ অনুসৰি উক্ত অঞ্চলটোত নাই প্ৰযোজনীয় সা-সামগ্ৰীৰ লগতে খাদ্য সামগ্ৰী ৷ হাতত ধন নথকাৰ বাবে ক্ৰয় কৰিব পৰা নাই প্ৰয়োজনীয় সামগ্ৰী ৷ কিন্তু ইয়াৰ পাছতো প্ৰশাসনৰ তৰফৰ পৰা কোনো ধৰণৰ সহায় আগ নবঢ়োৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে ৷

উল্লেখ্য যে, বিগত 30 এপ্ৰিলত ভাকাৰীভিটাৰ এগৰাকী মহিলাৰ দেহত কৰ'ণা পজিটিভ ধৰা পৰাত উক্ত দিনৰে পৰা অঞ্চলটো আছে কন্টেইমেন্ট জ'নত ৷ ইপিনে মহিলা গৰাকী সহ অন্য 4 গৰাকীক দহ দিনৰ পাছত গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতালৰ পৰা যাবলৈ দিয়াৰ পাছতো কিন্তু জিলা প্ৰশাসনে 16 দিন ধৰি বন্ধ কৰি ৰাখিছে ভাকাৰীভিটা অঞ্চলটোৰ জনতাক ৷ ইয়াকে লৈ অঞ্চলটোৰ ৰাইজৰ মাজত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়া ৷

লগতে পঢ়কঃ তেজপুৰৰ হলেশ্বৰ পঞ্চায়তত চৰকাৰী আচঁনিত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.