চিৰাং, 19 অক্টোবৰ : অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ নিযুক্তি কেলেংকাৰীত অভিযুক্ত ধৃত দেৱৰাজ দাসৰ বিৰুদ্ধে তৎপৰতা চি.আই.ডিৰ ৷ যাৰ বাবে সোমবাৰে পুনৰ বঙাইগাঁৱত অভিযান চলায় চি.আই.ডিৰ দলে ৷ বঙাইগাঁওস্থিত পাঞ্জাৱ নেশ্যনেল বেংকত সোমবাৰে চি.আই.ডিয়ে অভিযান চলাই বেংকটোত থকা দেৱৰাজ দাসৰ লকাৰৰ পৰা বৃহৎ পৰিমাণৰ টকা জব্দ কৰে ৷ টকাৰ পৰিমাণৰ বিষয়ে এই বিষয়ে অৱগত কৰা নাই অভিযানকাৰী দলটোৱে ৷ এই সন্দৰ্ভত বঙাইগাঁও জিলা প্ৰশাসনেও সদৰী কৰা নাই কোনো ধৰণৰ তথ্য ৷
লগতে পঢ়ক: সীমান্ত সংঘাতঃ অসম-মিজোৰামৰ মুখ্য সচিবৰে গৃহ সচিবৰ ভিডিঅ' কনফাৰেঞ্চ