ETV Bharat / state

দলংখন হ’ব : আজিও আশাৰে বাট চাই ৰৈছে চিৰাংঙৰ একাংশ ৰাইজে !

বছৰৰ পাচত বছৰ ধৰি চৰকাৰী পক্ষৰ অৱহেলাৰ বলি হৈ থাকিল চিৰাং আৰু বাক্সা জিলা সংযোগী খাৰিজা বিজনী সংযোগী মূল পথটো ৷ পথচোৱাৰ মাজেৰে বৈ যোৱা সাঁকোৱা নদীৰ ওপৰত এখন পকী দলং বিচাৰি বছৰৰ পাচত বছৰ ধৰি অনুৰোধ কৰি অহাৰ পাচতো কোনো সুফল নাপালে অঞ্চলবাসীয়ে ৷ যাৰ দুৰ্ভোগ ভুগিবলগীয়া হৈছে অঞ্চলটোৰ স্থানীয় লোক, স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অঞ্চলটোৰ ৰোগী সকলে ৷

এখন পকী দলং বিচাৰি বছৰৰ পাচত বছৰ অৱহেলিত চিৰাংবাসী

author img

By

Published : Apr 19, 2021, 2:05 PM IST

চিৰাং,19 এপ্ৰিল : কংগ্ৰেছ চৰকাৰৰ পোন্ধৰ বছৰীয়া শাসন কালৰ পাচত পৰিৱৰ্তনৰ শ্ল'গান দি বিজেপিয়ে চৰকাৰ দখল কৰাৰো পাঁচটা বছৰ উকলিল ৷ কিন্তু বিজেপিয়ে দিয়া পৰিৱৰ্তনৰ ঢৌৱে স্পৰ্শ কৰিব নোৱাৰিলে চিৰাং আৰু বাক্সা জিলা সংযোগী খাৰিজা বিজনী সংযোগী মূল পথটো ৷ বছৰৰ পাচত বছৰ ধৰি চৰকাৰী পক্ষৰ অৱহেলাৰ বলি হৈ থাকিল পথচোৱা ৷ এটা পথটোৰ দুৰৱস্থাই উদঙাইছে উন্নয়নৰ শ্ল'গানেৰে দিছপুৰ দখল কৰা বিজেপি চৰকাৰৰ ফোঁপোলা স্বৰূপ ৷

পথচোৱাৰ মাজেৰে বৈ যোৱা সাঁকোৱা নদীৰ ওপৰত এখন পকী দলং বিচাৰি বছৰৰ পাচত বছৰ ধৰি অনুৰোধ কৰি অহাৰ পাচতো কোনো সুফল নাপালে অঞ্চলবাসীয়ে ৷ যাৰ দুৰ্ভোগ ভুগিবলগীয়া হৈছে অঞ্চলটোৰ স্থানীয় লোক, স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অঞ্চলটোৰ ৰোগী সকলে ৷ কিয়নো পথটোৰ দুৰাৱস্থাৰ বাবে অঞ্চলটোলৈ আহিব নোৱাৰে কোনো জৰুৰীকালীন সেৱাৰ বাহন ৷ বাৰিষা কালত মাত্ৰ দুখন টুলুঙা নাৱেৰে অতি বিপদ সংকুলভাৱে পথ পাৰ হ'বলগীয়া হয় কাহিতামা, আমলাগুৰি, এম চি কাহিতামা, ভূতিয়াপৰা, দৌৰাইবাৰী, খাইৰাগুৰি, হাঁহচৰা আদি বৃহত্বৰ গাঁৱৰ গাঁওবাসীয়ে ৷

এখন পকী দলং বিচাৰি বছৰৰ পাচত বছৰ অৱহেলিত চিৰাংবাসী

উল্লেখ্য যে, খৰালি কালত প্ৰতিবাৰে স্থানীয় ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি এখন সাঁকো নিৰ্মাণ কৰে যদিও বাৰিষাৰ বানে সেইখনো উটুৱাই নিয়ে ৷ প্ৰতিদিনে হাজাৰ হাজাৰ লোকে অহা-যোৱা কৰা দলঙ খন অতি সোনকালে নিৰ্মাণৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: ৰঙিয়া ৰে’ল জংচনত বহিঃৰাজ্যৰ যাত্ৰীৰ ক’ভিড পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.