চিৰাং,6 জুন: বাৰিষাৰ আগমনৰ সময়চোৱাতে প্ৰকৃতিয়ে ৰূপ সলায় ৷ প্ৰকৃতিৰ এই বিনন্দীয়া ৰূপে হাত বাউল দি মাতে সকলোকে ৷ এই সময়তে প্ৰতি বছৰে অসমলৈ আগমন ঘটে বহু দেশী বিদেশী পৰ্যটকৰ ৷ কৰ’ণা সৃষ্ট পৰিৱেশৰ বাবে এইবেলি বন্ধ হৈ আছে ৰাজ্য পৰ্যটন উদ্যোগ (tourism industry) ৷ কিন্তু, পৰ্যটক আহক বা নাহক প্ৰকৃতিয়ে ৰূপ সলাই এতিয়া বিনন্দীয়া ৰূপ ধাৰণ কৰিছে ৰাজ্যখনত ৷
প্ৰকৃতিৰ এনে এক মনোমোহা অঞ্চল হৈছে চিৰাং জিলাৰ ৰুণিখাতা অঞ্চল ৷ সম্প্ৰতি অঞ্চলটোত পৰিলক্ষিত হৈছে এক নান্দনিক দৃশ্য ৷ ৰুণিখাতা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়, ৰুণিখাতা থানা আৰু ৰুণিখাতা সেনা ছাউনীৰ গছ-গছনিবোৰ সম্প্ৰতি পৰ্যবসিত হৈছে পক্ষীকুলৰ আশ্ৰয়স্থললৈ ৷
বন বিভাগে জানিবলৈ দিছে যে, লাখ লাখ বগলী, পানী কাউৰী, বাদুলী আদিয়ে বাঁহ সাজি পোৱালী জগাই এই অঞ্চলটো সম্প্ৰতি চৰাইৰ প্ৰজনন কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিছে । পক্ষীকুলেও নিজৰ বাবে এক প্ৰকাৰৰ সুৰক্ষিত স্থান বুলি এতিয়া চিনাক্ত কৰিছে ৰুণিখাতা অঞ্চলক ।
ইফালে, একেদৰেই এতিয়া মনোমোহা হৈ উঠিছে চিৰাং জিলাৰ অন্তৰ্গত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কুকলুং আৰু আমটেকা বনাঞ্চলৰ দৃশ্যাৱলী । জাকে জাকে বনৰীয়া ম’হ, বনৰীয়া হাতী আদিয়ে জাক পাতি মুক্ত মনেৰে ঘুৰি ফুৰাৰ দৃশ্য অঞ্চলটোত প্ৰায়ে পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক: M-13 নে কাৰ্বি পথ : ক’ত হ’ব সোণোৱালৰ নতুন ঠিকনা ?